ASSAM TIMES POST
গুৱাহাটীঃ সদৌ অসম ছাত্ৰ সন্থাৰ বৰ্তমানৰ নেতৃতৰ বিৰুদ্ধে দুদিন পূৰ্বে ক্ষোভ উজৰা আছুৰ প্ৰাক্তন তথা বৰ্তমানৰ বিজেপি নেতা মমিনুল আৱালে এইবাৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছে ছাত্ৰ সংগঠনটোৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈক।
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে মন্তব্য কৰি আৱালৰ ৰোষত পৰা গগৈক বিজেপি নেতাজনে কটাক্ষ কৰি কৈছিল যে তেওঁ বাংলাদেশীৰ ওচৰত আঁঠু লৈছে। ইয়াতেই ক্ষুণ্ণ হৈ পৰা লুৰীণজ্যোতি গগৈয়েও আৱালক প্ৰত্যুত্তৰত কয় যে আছুত থাকোতে তেওঁ (মমিনুল আৱাল) সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ সৈতে গোপন সম্পৰ্ক ৰক্ষা কৰি চলিছিল।
লুৰীণৰ এনে মন্তব্যৰ প্ৰত্যুত্তৰ প্ৰদান কৰি আৱালে শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত গগৈক আমছুৰ প্ৰৱক্তা বুলি কয়। আৱালে স্পষ্টভাৱে কয় যে ২৬বছৰ পূৰ্বে আছুত থাকোতেও পূৰ্ব বংগীয় মুছলমানৰ বিৰুদ্ধে তেওঁৰ যি স্থিতি আছিল, সেই স্থিতিত তেওঁ বৰ্তমানেও অটল আছে।













