নিউজ ডেস্কঃ
ক্লাবৰ ষ্টেডিয়ামৰ ভিতৰতেই বাহিৰৰ পৰা অনা মহিলাৰে ‘ছেক্স পার্টি’ ! নৰৱেৰ ক্লাব ব্রান এছকেৰ ফুটবলাৰসকলৰ এই কাণ্ডত চকু কপালত উঠিছে সমগ্ৰ বিশ্বৰ। লগতে ক্লাবৰ এজন ফুটবলাৰক বহিষ্কাৰ কৰা হৈছে। সতর্ক কৰি দিয়া হৈছে ঘটনাত জড়িত বাকী দহজন ফুটবলাৰক।
স্থানীয় সংবাদ মাধ্যমৰ খবৰ অনুযায়ী, নৰৱেৰ উক্ত ক্লাবৰ ১২ জন ফুটবলাৰে বাহিৰৰ এখন ৰেস্তোৰাঁত নৈশভোজনৰ বাবে গৈছিল। তাৰ পৰা তেওঁলোক যায় এটি নাইট ক্লাবলৈ। তাৰ পৰা সাতজন যৌনকর্মীক লগত লৈ ষ্টেডিয়ামৰ ড্রেছিং ৰুমলৈ আহে তেওঁলোক। তাত চলে পার্টি। ফুটবলাৰসকল যৌন সম্পর্কতো লিপ্ত হয়। সমগ্ৰ ঘটনাই ধৰা পৰে চিচি টিভিত।
এই ঘটনাৰ আঁৰৰ মূল অভিযুক্ত ফুটবলাৰ ক্রিষ্টফাৰ বাৰমেনক বহিষ্কাৰ কৰিছে ক্লাবটোৱে। পিছে এক বিবৃতিত তেওঁৰ অধিবক্তাই জনাইছে যে ফুটবলাৰজনৰ প্রতি অবিচাৰ কৰা হৈছে। এই সিদ্ধান্তৰ বিৰুদ্ধে তেওঁ আবেদন জনাব বুলিও জনাইছে।
কিন্তু ক্লাবৰ সমর্থকসকল এই ঘটনাত প্রচণ্ড ক্ষুব্ধ। ক্লাবৰ সন্মুখত গৈ তেওঁলোকে তীব্র প্রতিবাদ জনায়। ক্লাবৰ বেৰাত ফুটবলাৰসকলৰ নামত গৰিহণা শ্লোগান লিখে।