ASSAM TIMES POST
গুৱাহাটীঃ মেঘালয় বিধানসভাৰ অধ্যক্ষ হিচাপে শুকুৰবাৰে নিৰ্বাচিত হয় মেটবাহ লিণ্ডু। পূৰ্বে তেওঁ আছিল মেঘালয়ৰ পৰ্যটন আৰু জল সম্পদ মন্ত্ৰী।
তেওঁ এই পদৰপৰা পদত্যাগ কৰিছিল। তেওঁ হ’ল ইউনাইটেড ডেম’ক্ৰেটিক পাৰ্টি (ইউডিপি)ৰ জ্যেষ্ঠ নেতা আৰু বৃহস্পতিবাৰে দলটোৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল।
তিনিবাৰকৈ মেঘালয় বিধানসভালৈ নিৰ্বাচিত হোৱা লিণ্ডুৱে অধ্যক্ষৰ নিৰ্বাচনত কংগ্ৰেছৰ উইন্নাৰচন ডি চাংমাক পৰাস্ত কৰে। উল্লেখ্য, বিধানসভাৰ অধ্যক্ষ ডংকোপাৰ ৰয়ৰ গত ২৮ জুলাইত দেহাৱসানৰ পৰিপ্ৰেক্ষিততে চুবুৰীয়া ৰাজ্যখনত পুনৰ বিধানসভাৰ অধ্যক্ষৰ নিৰ্বাচন অনুষ্ঠিত হয়।













