ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাতঃ গুণোৎসৱৰ আগতে প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক নিযুক্তি প্ৰদান নকৰিলে প্ৰাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয়ত কৰ্মৰত প্ৰাথমিক আৰু টেট্ প্ৰাথমিক শিক্ষক সকলৰ বেতন সু-নিশ্চিত নকৰিলে স্ব-গুণোৎসৱত অসহযোগ কৰিব প্ৰাথমিক, টেট্ প্ৰাথমিক শিক্ষক সমাজ আৰু মধ্য ইংৰাজী শিক্ষক সমাজে ৷
আজি ছাত্ৰ-ছাত্ৰীক পাঠদানৰ পৰা বিৰত থাকি শ্ৰেণী কোঠা এৰি প্ৰতিবাদত নামিল সদৌ অসম টেট্ প্ৰাথমিক উত্তীৰ্ণ শিক্ষক সমাজ ৷ সমগ্ৰ ৰাজ্যৰ লগতে আজি গোলাঘাট পশ্চিম শিক্ষা খণ্ড, বোকাখাতৰ কাৰ্যালয় চৌহদতো টেট্ উত্তীৰ্ণ শিক্ষক সমাজৰ অৱস্থান ধৰ্মঘটত অংশ গ্ৰহণ কৰি এই মন্তব্য কৰে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক লন্মিলনীৰ সভাপতি জীৱন চন্দ্ৰ বৰাই ৷
প্ৰতিবাদ স্থলীৰ পৰা টেট্ প্ৰাথমিক উত্তীৰ্ণ শিক্ষক সমাজে বিনাচৰ্তে বেতন সুৰক্ষা প্ৰদানৰ লগতে টেট্ উত্তীৰ্ণ শিক্ষক সমাজৰ চাকৰি নিয়মীয়াকৰণৰ উপৰিও আন আন সুবিধা সমূহ প্ৰদানৰ দাবী কৰে ৷ এই ক্ষেত্ৰত শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যক নিজৰ স্থিতি স্পষ্ট কৰাৰো দাবী কৰে ৷ অন্যথা প্ৰাথমিক বিদ্যালয়ৰ ২৬ হাজাৰ আৰু টেট্ প্ৰাথমিক উত্তীৰ্ণ ৪১ হাজাৰ শিক্ষকে চৰকাৰৰ বিৰুদ্ধে অসহযোগিতা কৰিব বুলিও স্পষ্ট কৰি দিয়ে ৷ চৰকাৰ তথা শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই এইসকল শিক্ষকে ৰাজপথলৈ ওলাই অহাৰ পৰিৱৰ্তে ছাত্ৰ-ছাত্ৰীক শিক্ষাদানত ব্ৰতী হ’ব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে ৷













