ASSAM TIMES POST
গুৱাহাটীঃ অহা ১৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিনৰ প্ৰাকক্ষণত শনিবাৰে পুৱা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত ৰক্তদান কৰে ৰাজ্যৰ বিত্ত, স্বাস্থ্য আৰু গড়কাপ্তানি মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।
উল্লেখ্য, নৰেন্দ্ৰ মোডীৰ জন্মদিন উপলক্ষে বিজেপিয়ে ৰাষ্ট্ৰজুৰি ‘সেৱা সপ্তাহ’ শীৰ্ষক কাৰ্যসূচী গ্ৰহণ কৰিছে।
ৰক্তদান কৰি মন্ত্ৰীগৰাকীয়ে তেওঁৰ টুইটাৰত কয়, ‘গ্ৰন্থ আৰু ৰক্ত স্বেচ্ছাই দান কৰা উচিত। এটাই জ্ঞান শক্তিশালী কৰে, আনটোৱে জীৱন!’













