ASSAM TIMES POST
গুৱাহাটীঃ অসমত উন্নীত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰকাশৰ পৰৱৰ্তী পৰিস্থিতি অধ্যয়ন, মত-বিনিময় আৰু সজাগতা সৃষ্টিৰ লক্ষ্যৰে এনআৰচিত নাম বাদপৰা ভাৰতীয় নাগৰিকৰ কাষলৈ অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ ঐতিহাসিক বাছ যাত্ৰা শুকুৰবাৰে আৰম্ভণিৰ দিনা নিশাই গৈ তিনিচুকীয়াত উপস্থিত হয়গৈ।
ইফালে শনিবাৰে পুৱাই তিনিচুকীয়াৰ পৰা ধলা আৰু জাগুন অভিমুখে যাত্ৰা আৰম্ভ কৰিছে প্ৰদেশ কংগ্ৰেছৰ উচ্চস্তৰীয় দল এটা কঢ়িয়াই নিয়া বাছখনে।
প্ৰদেশ কংগ্ৰেছৰ এটা সূত্ৰই জনোৱা অনুসৰি শনিবাৰে বিয়লি তিনিচুকীয়া চহৰত এনআৰচিত নাম বাদপৰা ভাৰতীয় লোকসকলৰ সৈতে মত-বিনিময় কৰাৰ পাছত বাছখন নগাঁও অভিমুখে ৰাওনা হ’ব। উল্লেখ্য, শুকুৰবাৰে পুৱা এপিচিচিৰ সদৰ, গুৱাহাটীৰ ৰাজীৱ ভৱনৰপৰা এই যাত্ৰা আৰম্ভ হৈছিল।













