ASSAM TIMES POST
গুৱাহাটীঃ বিশিষ্ট গৱেষক,পণ্ডিত অধ্যাপক মহেশ্বৰ নেওগ স্মাৰক ন্যাস পৰিষদৰ উদ্যোগত আৰু শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ সহযোগত শুক্ৰবাৰে বিশ্ববিদ্যালয়খনৰ সভাগৃহত দ্বাবিংশতিতম অধ্যাপক মহেশ্বৰ নেওগ সোঁৱৰণী বক্তৃতা অনুষ্ঠান সম্পন্ন হয়।অনুষ্ঠানটোত Dramaturgies of Bhakti: Rethinking the interactive Dynamics of Text and performance in Lokadharmi শীৰ্ষক বিষয়ৰ ওপৰত বক্তৃতা প্ৰদান কৰে নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ডঃ ৰুস্তম ভাৰুচাই।
ভাষণ প্ৰসংগত বিশিষ্ট অধ্যাপক জনে কয় যে-অধ্যাপক মহেশ্বৰ নেওগ অসমৰে নহয়,দেশৰ প্ৰখ্যাত পণ্ডিত সকলৰ অন্যতম।তেওঁৰ জ্ঞানৰ গভীৰতাই ভাষা,ইতিহাস আৰু সংস্কৃতিৰ দিশৰ নতুন নতুন দিশ উন্মোচিত কৰি আহিছে।অধ্যাপক ডঃ ভাৰুচাই তেওঁৰ ভাষণ প্ৰসংগত কেৰেলাৰ গুৰুভয়োৰ মন্দিৰত প্ৰদৰ্শিত লোকনাট্যধৰ্মী অনুষ্ঠান কৃষ্ণোত্তমৰ প্ৰসংগ টানি আনি কয় যে-কৃষ্ণোত্তম নামৰ নাটিকাখনত ভক্তিৰ যি দৃশ্য দেখুৱাইছে সেই ক্ষেত্ৰত আমি প্ৰত্যক্ষ কৰিছিলো ই অসমৰ লোক নাট্যধৰ্মী সত্ৰীয়া পৰম্পৰাৰ সৈতে সম্পৰ্ক আছে।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অংকীয়া ভাওনাৰ ‘সূত্ৰধাৰী’ নামৰ চৰিত্ৰটোৱে তেওঁক আকৰ্ষিত কৰে বুলি মন্তব্য কৰে অধ্যাপক গৰাকীয়ে।অধ্যাপক গৰাকীয়ে কয় যে সূত্ৰধাৰৰ যি চলমান নৃত্য সেই নৃত্য কৰিবৰ বাবে প্ৰচণ্ড শক্তিৰ প্ৰয়োজন।তেওঁ কয় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নাটকত ভগৱান শ্ৰী কৃষ্ণৰ যি গৌৰৱময় দিশR প্ৰতিফলিত হয় সেইয়াই হৈছে একশৰণ নামধৰ্মৰ মূল লক্ষ্য।এক শৰণ নাম ধৰ্মত ভগৱান শ্ৰী কৃষ্ণৰ প্ৰতি সমৰ্পিত ভক্তি আৰু দাস্য ভাব প্ৰকাশ পায়।
অধ্যাপক গৰাকীয়ে অংকীয়া নাটত সংস্কৃত শ্লোকক ব্ৰজাৱলী ভাষালৈ ৰূপান্তৰ কৰি ব্যৱহাৰ কৰাৰ কথাও উল্লেখ কৰে।অধ্যাপক গৰাকীয়ে সত্ৰীয়া নৃত্য-গীত নম্ৰ,সৰল আৰু সহজবোধগম্য বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।অধ্যাপক ডঃ ভাৰুচাই ভাৰতীয় নৃত্য-গীত,ৰাগ-তাল,বিভিন্ন লোকধৰ্মী অনুষ্ঠান,শংকৰদেৱৰ একশৰণ নামধৰ্ম,অংকীয়া নাট,সত্ৰীয়া পৰম্পৰাৰে পৰিচালিত লোকনাট্য ধৰ্মী অনুষ্ঠানৰ ওপৰতো আলোকপাত কৰে। অনুষ্ঠানটোত পৌৰহিত্য কৰি ভাষন প্ৰসংগত মহেশ্বৰ নেওগ স্মাৰক ন্যাস পৰিষদৰ সভাপতি তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি,বিশিষ্ট সাহিত্যিক ডঃ নগেন শইকীয়াই কয় যে-শ্ৰীমন্ত শংকৰদেৱে ভাৰতবৰ্ষক অসমলৈ কঢ়িয়াইছিল আৰু অসমক ভাৰতবৰ্ষলৈ।তেওঁ সাংস্কৃতিক ভাৰতবৰ্ষৰ লগত অসমৰ সমন্বয় ঘটাইছিল।
ডঃ শইকীয়াই অধ্যাপক ডঃ ৰুস্তম ভাৰুচাৰ বক্তৃতাই অনাগত দিনত গৱেষনাৰ নতুন দুৱাৰ মুকলি কৰিব বুলি আশা প্ৰকাশ কৰে। অনুষ্ঠানৰ আৰম্ভনিতে অধ্যাপক মহেশ্বৰ নেওগৰ বোৱাৰী অংকিতা নেওগ আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ কন্দৰ্প কুমাৰ ডেকাই মহেশ্বৰ নেওগৰ প্ৰতিচ্ছৱিত বন্তি প্ৰজ্বলন কৰে।
বিশ্ববিদ্যালয়ৰ পৰিবেশ্য কলা বিভাগৰ সহকাৰী অধ্যাপিকা জিন্টি দাসৰ বৰগীত পৰিবেশনৰ পিচতে সভা আৰম্ভ হয়।ন্যাস পৰিষদৰ সম্পাদক ডঃ প্ৰদীপজ্যোতি মহন্তই বক্তৃতা অনুষ্ঠানৰ উদ্দেশ্য বাখ্যা কৰাৰ লগতে অধ্যাপক মহেশ্বৰ নেওগৰ বিষয়ে অৱগত কৰে।অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ আচাৰ্য কমলাকান্ত গগৈয়ে শুভেচ্ছামূলক বক্তব্য আৰু উপাচাৰ্য ডঃ কন্দৰ্প কুমাৰ ডেকাই উদ্বোধনী ভাষণ আগবঢ়ায়।
অনুষ্ঠানটোত অধ্যাপক মহেশ্বৰ নেওগৰ পুত্ৰ প্ৰণৱ স্বৰূপ নেওগো উপস্থিত থাকে।অসমৰ শিক্ষাজগত আৰু সাহিত্য,সমাজ-সংস্কৃতিৰ লগত জৰিত বহু গণ্য-মান্য ব্যক্তিৰ লগতে শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা,বিষয়া-কৰ্মচাৰী,ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিয়ে অনুষ্ঠানটোক গাম্ভীৰ্য প্ৰদান কৰে।অনুষ্ঠানৰ শেষত শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত পঞ্জীয়ক ডঃ দীন মনি ঠাকুৰীয়াই শলাগৰ শৰাই আগবঢ়ায়।













