ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাতঃ গোলাঘাট জিলাৰ নুমলীগড় হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰী সৃষ্টি হাজৰিকাক নতুন দিল্লীৰ জ্ঞানযাত্ৰাৰ এক সুযোগ প্ৰদান কৰিছে অসম চৰকাৰে ৷
অহা ১১ অক্টোবৰৰ পৰা সাত দিনৰ বাবে এই সুযোগ লাভ কৰিব ছাত্ৰী সৃষ্টি হাজৰিকাই ৷ সৃষ্টিৰ লগতে এই সুযোগ পাইছে চৰাইদেউ জিলাৰ ময়ুৰী দেবী চুতীয়াই আৰু লক্ষীমপুৰ জিলাৰ টিঙু বৰাই ৷
সৃষ্টিৰ এই সুযোগৰ বতৰা বিদ্যালয় খনলৈ অহাত বিদ্যালয়খনৰ লগতে নুমলীগড় তথা বৃহত্তৰ বোকাখাত অঞ্চলৰ বিভিন্ন দল , সংগঠন গৌৰৱাম্বিত আৰু উল্লাসিত হৈছে আৰু ছাত্ৰীগৰাকীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে।













