ASSAM TIMES POST
লাডাখঃ ভাৰতীয় ষ্টেট বেংকৰ এটা শাখা শনিবাৰে মুকলি কৰা হয় নতুনকৈ গঠিত হোৱা কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখত। লাডাখৰ যি স্থানত শাখাটো স্থাপন কৰা হৈছে, সেই স্থান সমুদ্ৰপৃষ্ঠৰপৰা ১০,৪০০ ফুট ওপৰত অৱস্থিত। এছবিআইৰ অধ্যক্ষ ৰাজনীশ কুমাৰে শাখাটো মুকলি কৰে। উল্লেখ্য, এই শাখাটোৱে অঞ্চলটোৰ মুঠ ৬ হাজাৰ লোকক বিত্তীয় সেৱা আগবঢ়াব।













