ASSAM TIMES POST
গুৱাহাটীঃ ৰাজ্যত আয়ুষ্মান ভাৰত-প্ৰধান মন্ত্ৰী জন আৰোগ্য যোজনা (এবি-পিএমজেএৱাই)ৰ ৩য় পৰ্যায় দেওবাৰে শুভাৰম্ভ কৰা হয়। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ শুভ উদ্বোধন কৰে।
ইয়াৰ লগে লগে এতিয়াৰেপৰা উক্ত আঁচনিয়ে ৰাজ্যৰ আৰু ১২৩ খন চৰকাৰী হাস্পতাল, ৩খন ব্যক্তিগত হাস্পতালক সাঙুৰি ল’ব। উদ্বোধন কৰি নিজৰ ভাষণ প্ৰসংগত মন্ত্ৰী ডঃ শৰ্মাই কয় যে এতিয়াৰেপৰা ৰাজ্যৰ মুঠ ৩০৫ খন হাস্পতালত এই আঁচনি উপলব্ধ হ’ব।
২০১৮ চনৰ ২৩ ছেপ্টেম্বৰৰপৰা ইয়াৰ জৰিয়তে ৭৫ হাজাৰ লোক উপকৃত হৈছে। তেওঁ সকলোকে আঁচনিখনৰ সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।













