ASSAM TIMES POST
গুৱাহাটীঃ সদ্য প্ৰকাশিত অসমৰ উন্নীত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক লৈ অসন্তুষ্টি ব্যক্তৰে অহা ২০ ছেপ্টেম্বৰত কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৱে অসম বন্ধৰ আহ্বান জনাইছে।
সংগঠনটোৱে কৰা দাবী মতে এনআৰচিত প্ৰায় ৫৮ হাজাৰ কোচ ৰাজবংশী জনগোষ্ঠীয় লোকৰ নাম বাদ পৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিততে অসম বন্ধৰ সমান্তৰালভাৱে অহা ৩০ ছেপ্টেম্বৰত সংগঠনটোৱে দিল্লীত ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও জনাইছে।













