নিউজ ডেস্কঃ
আইচিইউত ৰখা হৈছে পেলেক। ব্রাজিলৰ প্রাক্তন তাৰকা ফুটবলাৰজনৰ কোলনত টিউমাৰ আছিল। অস্ত্রোপচাৰ কৰি তাক উলিয়াই পেলোৱা হৈছে। সম্প্ৰতি তেওঁক আইচিইউতে ৰখা হৈছে। পেলেই অৱশ্যে সোনকালে সুস্থ হৈ উঠিব বুলি জনাইছে চিকিৎসকে।
হস্পিটেল সূত্ৰ মতে, “জ্ঞান ঘূৰাই পাইছে পেলেই। শাৰীৰিক অৱস্থা সুস্থিৰ।” পেলেই নিজেই নিজৰ সুস্থতাৰ কথা জনাইছে ছচিয়েল মিডিয়াত। তেওঁ ইনষ্টাগ্রামত ৰগৰ কৰি লিখিছে, ‘বন্ধুসকল, মই প্রতিদিনে অধিক সুস্থ হৈ উঠিছো। আকৌ খেলিবলৈ নামিম। অৱশ্যে তাৰ আগতে আৰু কিছু দিন সময় লাগিব সম্পূৰ্ণভাৱে সুস্থ হৈ উঠিবলৈ।’