নিউজ ডেস্কঃ
অলিম্পিকত স্বৰ্ণ জয়ৰ পিছৰ পৰাই নেট মাধ্যমত মূল্য উঠিছে নীৰজ চোপ্ৰাৰ। ইতিমধ্যে তেওঁৰ প্রফাইলৰ মূল্য উপনীত হৈছে ৪২৮ কোটি টকাত। অলিম্পিকৰ পূৰ্বে উক্ত মূল্য খুব বেছি নাছিল। দেশৰ একমাত্র এথলিট হিচাবে স্বৰ্ণ জয়ৰ পিছৰ পৰাই বৃদ্ধি হৈছে তেওঁৰ মূল্য।
সাম্প্রতিক সময়ত তেওঁৰ নাম বিভিন্ন মাধ্যমত যিমানবাৰ সন্ধান কৰা হৈছে সেয়াও এক বিশ্ব ৰেকর্ড। দেখা গৈছে, অলিম্পিকত স্বৰ্ণ জয়ৰ পিছৰ পৰাই তেওঁৰ জনপ্রিয়তা দিনক দিনে বাঢ়িছে। নেট মাধ্যমত ১৪ লাখ ইউজাৰে ২৯ লাখবাৰ বিভিন্ন মাধ্যমত নীৰজৰ নাম উল্লেখ কৰিছে।
তেওঁৰ বিষয়ে আলোচনা হৈছে ১.২৭৯ কোটিবাৰ। যিটো ৮৬.৩ শতাংশ বৃদ্ধি পাইছে অলিম্পিকৰ পিছৰ পৰা। ইনষ্টাগ্ৰামত তেওঁৰ অনুৰাগীৰ সংখ্যা ৪৫ লাখ।
নেট মাধ্যমত যিটো কোম্পানীয়ে নীৰজৰ প্রফাইল চোৱাচিতা কৰে তাৰ এগৰাকী বিষয়াই কয়, ‘‘বিগত পাঁচ-ছয় বছৰ ধৰি নীৰজ ভাল ছন্দত আছে। টকিঅ’ অলিম্পিকত স্বৰ্ণ জয়ৰ পিছত সাধাৰণ মানুহেও তেওঁক চিনি পাবলৈ আৰম্ভ কৰিছে। তেওঁক লৈ আলোচনা হৈছে। সেই কাৰণেই বিভিন্ন কোম্পানী আৰু শিক্ষা প্রতিষ্ঠানে বহু বছৰৰ বাবে তেওঁৰ সৈতে চুক্তি কৰিব বিচাৰিছে।’’