ASSAM TIMES POST
গুৱাহাটীঃ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ তুৰাৰ সাংসদ আগাথা কে চাংমাই ২১ নৱেম্বৰত বিবাহপাশত আবদ্ধ হ’ব। তেওঁৰ হ’ব লগা স্বামীৰ নাম হ’ল ডাঃ পেট্ৰিক ৰংমা মাৰাক। ঘৰ মেঘালয়তে। উল্লেখ্যে, আগথা চাংমা হ’ল লোকসভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰয়াত পূৰ্ণ আগিটক চাংমাৰ কনিষ্ঠ কন্যা। ইফালে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমা আৰু গৃহমন্ত্ৰী জেমছ কে চাংমাৰ কনিষ্ঠ ভগ্নী। যোৱা শনিবাৰে তেওঁলোকৰ আঙঠি পিন্ধোৱা পৰ্ব অনুষ্ঠিত হৈ যায়।













