ASSAM TIMES POST
গুৱাহাটীঃ দেশৰ বিশিষ্ট ক্ৰীড়াবিদ, অসমৰ সুযোগ্য সন্তান অৰ্জুন ভোগেশ্বৰ বৰুৱাক পদ্মশ্ৰী বঁটাৰ বাবে মনোনীত কৰিবলৈ ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱক দেওবাৰে আহ্বান জনাই অসম ইলেক্ট্ৰনিক মিডিয়া স্প’ৰ্টছ জাৰ্ণেলিষ্ট এছ’চিয়েচনে। উল্লেখ্য, বিজেপিৰ সম্পৰ্ক অভিযান কাৰ্যক্ৰমৰ অংশ হিচাপে ৰাম মাধৱে ভোগেশ্বৰ বৰুৱাক গুৱাহাটীত সাক্ষাৎ কৰাৰ সময়তে ইলেক্ট্ৰনিক মিডিয়াই এই আহ্বান জনায়। এছ’চিয়েচনৰ আহ্বান শুনি ৰাম মাধৱে উক্ত বিষয়টো অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে আলোচনা কৰিব বুলি আশ্বাস প্ৰদান কৰে।













