ASSAM TIMES POST
নগাঁওঃ ৰাজ্য চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ পোষন মাহ উপলক্ষে নগাঁও খাগৰিজান শিশু উন্নয়ন প্ৰকল্পৰ অধীনস্থ বেঙেনাআটি চেক্টৰৰ অংগনবাড়ী কৰ্মী, সহায়িকাৰ উদোগত আৰু নগাঁও সমাজ কল্যাণ বিভাগৰ সহযোগত সোমবাৰে বেঙেনাআটি দাস গাওঁ অংগনবাড়ী কেন্দ্ৰত পুষ্টিকৰ খাদ্যৰ ৰন্ধন প্ৰণালী প্ৰদৰ্শন আৰু খাদ্য মেলা সম্পকীয় এক সজাগতা সভা অনুষ্ঠিত হয়।

মুখ্য সেৱিকা উপমা বৰুৱাৰ তত্বাৱধানত অনুষ্ঠিত সভাখনিত জিলা সমাজ কল্যাণ বিষয়া দিনেশ চন্দ্ৰ দাসে পোষনৰ পাঁচটা বিষয় বস্তুৰ ওপৰত বক্তব্য ৰাখি উপস্থিত মহিলা সকলক ইয়াৰ ওপৰত সচেতন হবলৈ আহ্বান জনায়।
সমাজকৰ্মী ৰবীন চন্দ্ৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত প্ৰকল্প বিষয়া তৰুণ সন্দিকৈ, খাগৰিজান শিশু উন্নয়ন প্ৰকল্প বিষয়া বিপুল বৰা,মুখ্য সেৱিকা গায়ত্ৰী বৰঠাকুৰ,কলিমণি শইকীয়া, ৰুটী ব্ৰা,বনালী বৰা,মাধান দাস,পিংকী বৰা,ছেহনাজ ইয়াছমিন,ব্লক ক’ডিনেটৰ চিংকী বৰা উপস্থিত থাকে।













