ASSAM TIMES POST
গুৱাহাটীঃ ‘হিমাৰ এতিয়া অভিভাৱক বহুত।’- এই মন্তব্য প্ৰৱীণ ক্ৰীড়াবিদ অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ। আগন্তুক ডোহা বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত অসম কন্যা, দৌৰৰাণী হিমা দাসে ভাগ ল’বলৈ অসমৰ্থ হোৱাতে মঙলবাৰে সংবাদ মাধ্যমত এই কথা কয় বৰুৱাই।

হিমাই অলিম্পিকত ভাগ নোলোৱাকৈয়ে ৰাজ্যৰ সংবাদ মাধ্যম আৰু দল–সংগঠনে অযথা প্ৰচাৰ কৰিব নালাগিছিল বুলি বৰুৱাই বিশেষ মন্তব্য প্ৰদান কৰে। তেওঁ লগতে কয় যে হিমাৰ নামত ভূমি দান, খেলপথাৰ নামকৰণ, আৱক্ষ মূৰ্তি স্থাপন, হিমা দিৱস আদি পাতিব বিচৰাসকলে হিমাৰ এই বিফলতাৰ দায়িত্ব লোৱা উচিত।













