ষ্টাফ ৰিপ’ৰ্টাৰ:
মৰিগাঁৱৰ মানিপুৰ ৰাজহুৱা খেলপথাৰত জব্দকৃত ড্ৰাগছৰ ৰাজহুৱা দাহনৰ দ্বাৰা ড্ৰাগছ মাফিয়া, সৰবৰাহকাৰী আৰু সেৱনকাৰী সকলোকে ড্ৰাগছ আসক্তিৰ পৰা আঁতৰিবলৈ আহ্বান জনাইছে মৰিগাঁৱৰ আৰক্ষী অধীক্ষক অপৰ্ণা নতৰাজনে।
উল্লেখ্য যে, মৰিগাঁও জিলাৰ বিভিন্ন থানাত পঞ্জীভূক্ত হোৱা ১০৭ ত গোচৰত জব্দ হোৱা ৪ কোটি ৮০ লাখ টকাৰ ড্ৰাগছ আজি দাহ কৰা হয় য’ত ১৯৮ কিলোগ্ৰাম গানজা, ৫০০.১৬ গ্ৰাম হিৰইন, ২০০.১২ গ্ৰাম ব্ৰাউন চুগাৰ, ৮৩ হাজাৰ নিচাযুক্ত টেবলেট আৰু ৬৩০০ বটল কফ চিৰাপ আছিল।
আজিৰ দাহন কাৰ্যসূচীত মধ্য অসমৰ ডি আই জী ব্ৰজেন জিত চিনহা , আৰক্ষী অধীক্ষক অপৰ্ণা নাতৰাজন, অতিৰিক্ত আৰক্ষী অধীক্ষক সুপ্ৰতিভ লাল বৰুৱা, অতিৰিক্ত উপায়ুক্ত ৰিং খাং মোচাহাৰী , উপ আৰক্ষী অধীক্ষক মৌসুমী দাসকে কৰি প্ৰমুখ্যে স্থানীয় সচেতন ৰাইজে অংশগ্ৰহণ কৰে।