ASSAM TIMES POST
নগাঁওঃ নগাঁও জিলাৰ পাখিমৰীয়া সংহত শিশু উন্নয়ণ প্ৰকল্পৰ অধীনত কালি দিনযোৰা কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় পোষন মাহ উপলক্ষে বিভিন্ন সজাগতা মূলক কাৰ্যসূচী গ্ৰহন কৰা হয় ।
তদুপলক্ষে নগাঁও জিলাৰ বৃহত্তৰ দেওধৰ,মৌখাতি অঞ্চলকে ধৰি বিভিন্ন অঞ্চলৰ ৰাজপথত বাল্য বিবাহ ৰোধৰ ওপৰত বাটৰ নাট প্ৰদৰ্শণ কৰে অঙ্গনৱাড়ী কৰ্মী আৰু সহায়িকা সকলে ।

আনহাতে গৰ্ভৱতী মহিলাৰ বাবে ল’ব লগা প্ৰয়োজনীয় ব্যৱস্থা আৰু কিশোৰীসকলৰ স্বাস্থ্য সম্বন্ধীয় বিষয়ৰ লগতে মহিলা সকলৰ বিভিন্ন সমস্যা সমাধানৰ উদ্দেশ্যে হাতে হাতে প্লে কাৰ্ড লৈ প্ৰায় পাঁচ শতাধিক অঙ্গনৱাড়ী কৰ্মী,সহায়িকাই এক শোভাযাত্ৰাত অংশগ্ৰহণ কৰে।
এই কাৰ্যসূচীত নগাঁও জিলা সমাজ কল্যাণ বিষয়া দিনেশ দাস, পাখিমৰীয়া প্ৰকল্প বিষয়া ৰানু বৰা,পৰিসংখক বিষয়া নয়ন জ্যোতি বৰা,কাৰ্যলয় সহায়ক প্ৰতিভা হাজৰিকা, মূখ্য সেৱিকা সমূহৰ লগতে অংগনবাদী বিষয়া, কৰ্মী,সহায়িকা আদিয়ে অংশগ্ৰহন কৰে।













