ASSAM TIMES POST
উৎপল দাস, গোলাঘাটঃ বৃহত্তৰ চিচুপানী অঞ্চলত সিচঁৰিত হৈ থকা প্ৰাচীন কছাৰী ৰাজ্যৰ প্ৰত্নতাত্বিক সমলৰ আভাষ ল’বৰ বাবে অসম ৰাজ্যিক পৰ্যটন বিভাগৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱাই পৰ্যটন বিভাগৰ সঞ্চালক দেৱ কুমাৰ মিশ্ৰ, শংকৰদেৱ কলাক্ষেত্ৰৰ সচিৱ সুদৰ্শন ঠাকুৰৰ সৈতে ১৭ চেপ্তেম্বৰত কাছমাৰীৰ ৰজাবাৰী, জয়পুখুৰী, চাংখাতি আদি অঞ্চল পৰিভ্ৰমণ কৰে৷

চিচুপানী অঞ্চলৰ এই অমূল্য সম্পদৰাজীৰ আলম লৈ এক সুন্দৰ পৰ্যটনথলী হিচাবে গঢ় দিব পৰাৰ যি সুযোগ আছে এই বিষয়ে ব্ৰহ্ম সমাজৰ ধৰ্ম গুৰু চৰণ নাৰ্জাৰী দেৱে বহু আগৰেপৰাই অনুভৱ কৰি আহিছে আৰু এই সন্দৰ্ভত যোগাযোগ কৰি পৰ্যটন বিভাগৰ অধ্যক্ষ গৰাকীক উক্ত অঞ্চললৈ নিমন্ত্ৰণ জনায়৷

অধ্যক্ষ গৰাকীৰ আগমনত বৃহত্তৰ চিচুপানী অঞ্চলৰ ৰাইজে নথৈ আনন্দিত হৈছে আৰু পৰ্যটনৰ জৰিয়তে অনগ্ৰসৰ অঞ্চলটোৰ ৰাইজ যথেষ্ট উপকৃত হ’ব বুলি আশা প্ৰকাশ কৰে৷ ধৰ্মগুৰু চৰণ নাৰ্জাৰী দেৱৰ নেতৃত্বত আৰু স্থানীয় বিজেপি দলৰ কৰ্মী সকলৰ সহযোগিতাত প্ৰায় তিনি ঘন্টা জোৰা এই পৰিভ্ৰমণ কাৰ্যসূচীত জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ কেইবাগৰাকীও বিজেপি দলৰ বিষয়ববীয়া উপস্থিত থা













