ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ডিফুত শান্তি চুক্তি স্বাক্ষৰকাৰী উগ্ৰপন্থী সংগঠনৰ প্ৰায় ৬০০ নেতা-কেডাৰ বিজেপিত যোগদান

News Desk by News Desk
October 9, 2021
Reading Time: 1 min read
A A
0

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান

‎বোকাজানত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য

ছাইদুল ইছলাম

ডিফু : যোৱা ৪ ছেপ্তেম্বৰত নতুন দিল্লীত অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু কাৰবি আংলঙৰ ছয়টাকৈ উগ্ৰপন্থী সংগঠন ক্ৰমে KLNLF, UPLA, PDCK আৰু KPLTৰ তিনিটাকৈ গোটে প্ৰস্তাৱিত শান্তি চুক্তি স্বাক্ষৰ কৰি অহাৰ পিছত শনিবাৰে ডিফু ক্লাবত সংগঠনসমূহৰ প্ৰায় ৬০০ নেতা-কেডাৰসহ আনুষ্ঠানিক বাবে গেৰুৱা বসন পৰিধান কৰি বিজেপিত যোগদান কৰে ৷ ইয়াৰ পূৰ্বে ডিফু ক্লাবত পূব কাৰবি আংলং বিজেপিৰ সভাপতি ধনছিং টেৰণৰ পৌৰোহিত্যত জিলা বিজেপিৰ দিনযোৰা কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায় ৷ উক্ত সভাৰ শেহত কাৰবি আংলং বিজেপিৰ ৰাজ্যিক প্ৰভাৰী বিজয় গুপ্তা, বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন, কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ, সাংসদ হৰেণছিং বে, স্থানীয় বিধায়ক বিদ্যাছিং ইংলেঙ আৰু পূব কাৰবি আংলং বিজেপিৰ সভাপতি ধনছিং ৰংহাঙৰ উপস্থিত ধাৰাবাহিক হৰ্ষোল্লাস আৰু কৰধ্বনিৰ লগতে ভাৰত মাতা কী জয়, বন্দে মাতৰম আদি ধ্বনিৰ মাজত উগ্ৰপন্থী সংগঠনৰ সহস্ৰাধিক নেতা-কেডাৰক গেৰুৱা দলটোলৈ উষ্ম আদৰণি আৰু বিজেপিৰ গামোছাৰে সম্বৰ্দ্ধনা জনোৱা হয় ৷

ইয়াৰোপৰি কাৰ্যনিৰ্বাহক সভাত কংগ্ৰেছ আৰু এপিএইছএলচিৰ ডেৰ শতাধিক নেতা-কৰ্মীয়েও বিজেপিত যোগদান কৰে ৷ সভাৰ শেহত সাংবাদিকৰে সৈতে বাৰ্তালাপত মুখ্যকাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কয় যে, আজিৰ কাৰ্যনিৰ্বাহক সভাত চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনি সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হয় লগতে চৰকাৰৰ বিভিন্ন আঁচনি সাধাৰণ ৰাইজৰ মাজলৈ লৈ যোৱাৰ ওপৰতো ব্যাখ্যা কৰা হয় ৷ শান্তিচুক্তি স্বাক্ষৰকাৰী সংগঠন সমূহৰ নেতা-কেডাৰৰ বিজেপিত যোগদান সন্দৰ্ভত মন্তব্য কৰি মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে কয় যে, শান্তি হ’লেহে প্ৰগতি হ’ব ৷ চুক্তি স্বাক্ষৰকাৰীসকল চৰকাৰ লগত চামিল থাকিসেহে শান্তি চুক্তিৰ দফাসমূহ ৰূপায়ণ কৰাৰ সুবিধা হ’ব ৷ চৰকাৰৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্টহৈ বাকী থকা নেতা-কেডাৰসকলেও ডংকামোকামত অনুষ্ঠিত হ’বলগীয়া শান্তি আৰু প্ৰগতি সভাত বিজেপিত আনুষ্ঠানিকভাবে যোগদান কৰিব ৷ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত পিডিচিকেৰ প্ৰাক্তন অধ্যক্ষ সংবিজিত ইংতি কাথাৰে কয় যে, পূৰ্বৰে পৰা বিজেপিৰ উন্নয়ণ মূলক কাম-কাজৰ প্ৰতি আকৃষ্ট হৈয়েই বিজিপিক আকোৱালী লৈছে ৷ বিজেপিত থাকি শান্তি চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণ কৰাৰ বাবে সচেষ্ট হৈ থাকিব বুলি মন্তব্য কৰে ৷

আনহাতে বিজেপিত যোগদান কৰি কেএলএনএলএফৰ প্ৰাক্ত সাধাৰণ সচিব থং টেৰণে কয় যে, পৰিষদীয় নিৰ্বাচনৰ বাবে আজি যোগদান কৰা সংগঠনসমূহৰহৈ প্ৰায় ১০খন মান আসনৰ বাবে টিকট বিচৰা হ’ব ৷ নিৰ্বাচনী প্ৰতিদ্বন্ধিতাত বিজয়ী হ’লে স্বাক্ষৰিত শান্তি চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে ৰূপায়ণ কৰাৰ প্ৰতিশ্ৰুতিও প্ৰদান কৰে নেতাগৰাকীয়ে ৷

Tags: Featured
Share4Tweet3Send

Related Posts

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান
KARBI ANGLONG

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান

by Staff Reporter
June 14, 2026
50
Youth Death I ঘোগাজানত পিছলি এজন যুৱকৰ কৰুণ মৃত্যু
KARBI ANGLONG

‎বোকাজানত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

by Staff Reporter
June 14, 2026
50
Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য
KARBI ANGLONG

Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য

by News Desk
June 11, 2026
50
Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ
KARBI ANGLONG

Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ

by Staff Reporter
June 11, 2026
50
‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ
KARBI ANGLONG

‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ

by Staff Reporter
June 11, 2026
50
Leprosy Patient Identification : কাৰ্বি আংলঙৰ চাহ বাগিচা এলেকাত লুকাই থকা কুষ্ঠ ৰোগী ধৰা পেলাবলৈ আই এ চি এফৰ অভিযান
KARBI ANGLONG

Leprosy Patient Identification : কাৰ্বি আংলঙৰ চাহ বাগিচা এলেকাত লুকাই থকা কুষ্ঠ ৰোগী ধৰা পেলাবলৈ আই এ চি এফৰ অভিযান

by News Desk
June 10, 2026
50
ADVERTISEMENT
Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে
National-International

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

June 14, 2026
50
দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ
National-International

দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ

June 14, 2026
50
‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎
National-International

‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎

June 14, 2026
50
India New Zealand CWC 2023 semi final I বিৰাট কোহলিৰ বিৰাট ৰেকর্ড, শচীনক চেৰ পেলাই এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতকৰ অভিলেখ
National-International

‎আত্মৰক্ষা আৰু আক্ৰমণ দুয়োটাৰে বাবে সাজু ইজৰাইল

June 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

June 14, 2026
দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ

দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ

June 14, 2026
‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎

‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎

June 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx