ছাইদুল ইছলাম
ডিফু : যোৱা ৪ ছেপ্তেম্বৰত নতুন দিল্লীত অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু কাৰবি আংলঙৰ ছয়টাকৈ উগ্ৰপন্থী সংগঠন ক্ৰমে KLNLF, UPLA, PDCK আৰু KPLTৰ তিনিটাকৈ গোটে প্ৰস্তাৱিত শান্তি চুক্তি স্বাক্ষৰ কৰি অহাৰ পিছত শনিবাৰে ডিফু ক্লাবত সংগঠনসমূহৰ প্ৰায় ৬০০ নেতা-কেডাৰসহ আনুষ্ঠানিক বাবে গেৰুৱা বসন পৰিধান কৰি বিজেপিত যোগদান কৰে ৷ ইয়াৰ পূৰ্বে ডিফু ক্লাবত পূব কাৰবি আংলং বিজেপিৰ সভাপতি ধনছিং টেৰণৰ পৌৰোহিত্যত জিলা বিজেপিৰ দিনযোৰা কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায় ৷ উক্ত সভাৰ শেহত কাৰবি আংলং বিজেপিৰ ৰাজ্যিক প্ৰভাৰী বিজয় গুপ্তা, বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন, কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ, সাংসদ হৰেণছিং বে, স্থানীয় বিধায়ক বিদ্যাছিং ইংলেঙ আৰু পূব কাৰবি আংলং বিজেপিৰ সভাপতি ধনছিং ৰংহাঙৰ উপস্থিত ধাৰাবাহিক হৰ্ষোল্লাস আৰু কৰধ্বনিৰ লগতে ভাৰত মাতা কী জয়, বন্দে মাতৰম আদি ধ্বনিৰ মাজত উগ্ৰপন্থী সংগঠনৰ সহস্ৰাধিক নেতা-কেডাৰক গেৰুৱা দলটোলৈ উষ্ম আদৰণি আৰু বিজেপিৰ গামোছাৰে সম্বৰ্দ্ধনা জনোৱা হয় ৷
ইয়াৰোপৰি কাৰ্যনিৰ্বাহক সভাত কংগ্ৰেছ আৰু এপিএইছএলচিৰ ডেৰ শতাধিক নেতা-কৰ্মীয়েও বিজেপিত যোগদান কৰে ৷ সভাৰ শেহত সাংবাদিকৰে সৈতে বাৰ্তালাপত মুখ্যকাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কয় যে, আজিৰ কাৰ্যনিৰ্বাহক সভাত চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনি সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হয় লগতে চৰকাৰৰ বিভিন্ন আঁচনি সাধাৰণ ৰাইজৰ মাজলৈ লৈ যোৱাৰ ওপৰতো ব্যাখ্যা কৰা হয় ৷ শান্তিচুক্তি স্বাক্ষৰকাৰী সংগঠন সমূহৰ নেতা-কেডাৰৰ বিজেপিত যোগদান সন্দৰ্ভত মন্তব্য কৰি মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে কয় যে, শান্তি হ’লেহে প্ৰগতি হ’ব ৷ চুক্তি স্বাক্ষৰকাৰীসকল চৰকাৰ লগত চামিল থাকিসেহে শান্তি চুক্তিৰ দফাসমূহ ৰূপায়ণ কৰাৰ সুবিধা হ’ব ৷ চৰকাৰৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্টহৈ বাকী থকা নেতা-কেডাৰসকলেও ডংকামোকামত অনুষ্ঠিত হ’বলগীয়া শান্তি আৰু প্ৰগতি সভাত বিজেপিত আনুষ্ঠানিকভাবে যোগদান কৰিব ৷ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত পিডিচিকেৰ প্ৰাক্তন অধ্যক্ষ সংবিজিত ইংতি কাথাৰে কয় যে, পূৰ্বৰে পৰা বিজেপিৰ উন্নয়ণ মূলক কাম-কাজৰ প্ৰতি আকৃষ্ট হৈয়েই বিজিপিক আকোৱালী লৈছে ৷ বিজেপিত থাকি শান্তি চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণ কৰাৰ বাবে সচেষ্ট হৈ থাকিব বুলি মন্তব্য কৰে ৷
আনহাতে বিজেপিত যোগদান কৰি কেএলএনএলএফৰ প্ৰাক্ত সাধাৰণ সচিব থং টেৰণে কয় যে, পৰিষদীয় নিৰ্বাচনৰ বাবে আজি যোগদান কৰা সংগঠনসমূহৰহৈ প্ৰায় ১০খন মান আসনৰ বাবে টিকট বিচৰা হ’ব ৷ নিৰ্বাচনী প্ৰতিদ্বন্ধিতাত বিজয়ী হ’লে স্বাক্ষৰিত শান্তি চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে ৰূপায়ণ কৰাৰ প্ৰতিশ্ৰুতিও প্ৰদান কৰে নেতাগৰাকীয়ে ৷