ASSAM TIMES POST
নগাঁওঃ নগাঁও জিলাৰ নলতলীৰ পৰা মৰিগাঁও হৈ গুৱাহাটী সংলগ্ন ৰাজ্যিক ঘাইপথৰ ইছলাম পট্টিত পথৰ ওপৰতে এখন দুৰ্গাপূজা সমিতিয়ে পূজাৰ পেণ্ডেল দিয়া কাৰ্যই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
ইছলামপট্টিস্থিত জ্যোতি ফ্লৰ মিল পূজা সমিতিয়ে এই ৰাজ্যিক ঘাইপথটো খান্দি পথৰ ওপৰতে পূজাৰ পেণ্ডেল দিছে। বিষয়টো সম্পৰ্কত ইতিমধ্যেই চচিয়েল মিডিয়াত ব্যাপক প্ৰচাৰ হোৱাৰ পিচত গড়কাপ্তানি বিভাগে পূজা সমিতিৰ সভাপতি-সম্পাদকৰ বিৰুদ্ধে আৰক্ষীক এজাহাৰ দাখিল কৰিছে।
অৱশ্যে বিষয়টো সম্পৰ্কত আৰক্ষীয়ে কেনে ব্যৱস্থা গ্ৰহণ কৰে লক্ষ্যনীয় হ’ব।