ASSAM TIMES POST
নগাঁওঃ নগাঁও আৰক্ষীয়ে কালি অভিযান চলাই চাৰিটা মটৰ চাইকেল চোৰ গ্ৰেপ্তাৰ কৰাৰ লগতে দুখন মটৰ চাইকেল উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মটৰ চাইকেল চোৰকেইটা হৈছে নগাঁও চহৰৰ আমিনপট্টিৰ হিবজুৰ ৰহমান(২৯), ফৌজদাৰিপট্টিৰ মুনমুন শ্বেইখ(৪০), কচলুখোৱাৰ মানিক বৰ্মন(২৫) আৰু ধিং ধুপগুৰিৰ আব্দুল জলিল (৩০)৷
নগাঁও নগৰ আৰক্ষীৰ উপপৰিদৰ্শক গৌৰৱজ্যোতি মহন্তৰ নেতৃত্বত আৰক্ষীৰ এটা দলে চহৰখনৰ ভিন ভিন স্থানত অভিযান চলাই চোৰকেইটাক গ্ৰেপ্তাৰ কৰাৰ লগতে ডিমৰুগুৰিৰ পৰা এখন ৰয়েল এনফিল্ড আৰু বাজাজ পালচাৰ বাইক উদ্ধাৰ কৰে৷