ASSAM TIMES POST
নগাঁওঃ কলিয়াবৰৰ নিজৰি গাঁৱৰ পথাৰত বৃহস্পতিবাৰে পুৱা পৰি থকা অৱস্থাত এটা মৃতদেহ উদ্ধাৰ হয়। উদ্ধাৰ হোৱা মৃতদেহটো কলিয়াবৰৰ বৰালি গাঁৱৰ বাবুলাল প্ৰসাদ (৬৫) বুলি চিনাক্ত কৰা হৈছে।
আনহাতে মৃতদেহৰ খবৰ লাভ কৰি কলিয়াবৰ আৰক্ষী বিষয়া খৰ্গেশ্বৰ বৰদলৈৰ নেতৃত্বত মিছা আৰক্ষীৰ সহকাৰী বিষয়া হৰেশ্বৰ বৰাৰ সহযোগত যোৱা আৰক্ষীৰ দলটোৱে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
উচ্চ ৰক্তচাপজনিত কাৰণত লোকজনৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে, যদিও মৰণোত্তৰ পৰীক্ষাৰ পাচতহে প্ৰকৃত তথ্য পোহৰলৈ আহিব৷