ASSAM TIMES POST
ডিব্ৰুগড়ঃ ডিব্ৰুগড়ৰ জিলাত নতুন আৰক্ষী অধীক্ষক আৰু সদৰ থানাৰ নতুন ভাৰপ্ৰাপ্ত বিষয়া নিযুক্তি হোৱাৰ পিছতেই দিন-দুপৰতে চহৰখনত সংঘটিত হ’ল লক্ষাধিক টকাৰ ধন লুটৰ ঘটনা।
আজি বিয়লি প্ৰায় ৫ বজাত চহৰখনৰ ৰে’ল গেটৰ সমীপত সংঘটিত হয় এই চাঞ্চলক্যৰ ঘটনা। জানিব পৰা মতে বগীবিলৰ নিবাসী তথা ব্যৱসায়ী মনোজ নেৱাৰে ডিব্ৰুগড়ৰ ইউ বি আই বেংকৰ পৰা ২ লাখ ৩৫ হাজাৰ টকা উলিয়াই নিজৰ পৰিচিত এখন ডি আই বাহনত বগীবিল অভিমুখে ৰাওনা হয়।
যাত্ৰা কৰি থকাৰ সময়তে চহৰখনৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰে’লগেটৰ সমীপত এখন নম্বৰ প্লেটবিহীন ক’লা ৰঙৰ পালচাৰ বাইকে আগবাঢ়ি আহি গাড়ীখন ৰখায় আৰু কয় যে গাড়ীৰ পিছৰ চকা এটা পাঙচাৰ হৈছে আৰু ভাল নকৰিলে গাড়ী দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে।
ইয়াকে শুনি গাড়ীৰ পৰা চালকৰ সতে নেৱাৰসহ দুয়োজন ব্যক্তি নামি গাড়ীৰ পিছলৈ গৈ চকা পৰীক্ষা কৰাৰ সুযোগতে, বাইকত অহা এজনে ক্ষিপ্ৰতাৰে টকাৰ বেগটো লৈ তড়িৎ গতিৰে উক্ত স্থানৰ পৰা উধাও হয়। মনোজ নেৱাৰে ঘটনাৰ বিষয়ে সদৰ থানাত এজাহাৰ দাখিল কৰিছে।
ডিব্ৰুগড়ত চিলনী চোৰৰ সন্ত্ৰাস এয়ে প্ৰথম নহয়। মাজতে কিছু দিন এনে কাৰ্য স্থিমিত হৈছিল যদিও পুনৰাই এই কাৰ্য সংঘটিত হোৱাত চহৰবাসীৰ নিদ্ৰা হৰণ হৈছে। ইয়াৰ পূৰ্বেও চহৰখনৰ খোদ সদৰ থানাৰ সমীপৰ পৰা দুই-তিনিগৰাকী ব্যক্তিৰ পৰা দিন দুপৰতে বেংকৰ পৰা উলিয়াই অনা ধন লুট কৰি নিছিল।