ASSAM TIMES POST
অমৃত কুমাৰ শৰ্মা,শিৱসাগৰঃ শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ ৰাজ্যিক পশু চিকিৎসালয়ৰ উদ্যোগত বামুণপুখুৰী চাহ বাগিছা আৰু নাজিৰা গোশালাত দুটা বিনামূলীয়া পশু টীকাকৰণ তথা চিকিৎসা শিবিৰ অনুষ্ঠিত হৈ যায়।
ভাৰতীয় জনতা পার্টিৰ কৃষক মৰ্চা আৰু ৰজাভেতা গাওঁ পঞ্চায়তৰ সহযোগত আয়োজিত উক্ত শিবিৰ দুটাত ৫৪৭ পশুধনক চবকা ৰোগৰ প্ৰতিষেধক প্ৰদান কৰা হয়।
তদুপৰি শতাধিক গৰু, ছাগলী, গাহৰি আৰু কুকুৰাৰ প্ৰয়োজনীয় চিকিৎসা পৰামর্শৰ লগতে পেলুৰ দৰৱ, ভিটামিন আদি প্ৰদান কৰা হয়। নাজিৰা ৰাজ্যিক পশু চিকিৎসালয়ৰ পশু চিকিৎসা বিষয়া ডাঃ জগদীশ বৰ্মনৰ নেতৃত্বত অনুষ্ঠিত এই পশু চিকিৎসা শিবিৰত বিভাগটোৰ ক্ষেত্র সহায়ক জিতু দুৱৰাৰ লগতে কৰ্মচাৰীদ্বয় থানেশ্বৰ দত্ত আৰু ললিত গগৈয়ে সহযোগিতা আগবঢ়ায়।
দেশৰ প্রধান মন্ত্রী নৰেন্দ্র মোদীৰ জন্মদিনৰ লগত সংগতি ৰাখি অনুষ্ঠিত শিবিৰত ভাৰতীয় জনতা পাৰ্টিৰ কৃষক মৰ্চাৰ ৰাজ্যিক সমন্বয়ক নিতুলমনি বৰা আৰু ৰজাভেতা গাওঁ পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্য প্ৰণৱজ্যোতি দুচাদৰ লগতে কেইবাজনো ৱাৰ্ড সদস্যই সক্রিয় অংশগ্রহণ কৰে।