ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাতঃ বোকাখাত মহকুমাৰ শৈক্ষিক, সাংস্কৃতিক ক্ষেত্ৰৰ অন্যতম অগ্ৰণী অঞ্চল ৰজাবাৰীৰ এখনি উল্লেখযোগ্য প্ৰাথমিক শিক্ষানুষ্ঠান ৰজাবাৰী প্ৰাথমিক বিদ্যালয়ৰ জিলা কৃতি শিক্ষকৰ বঁটা প্ৰাপক নৱীন চন্দ্ৰ দাসক অলপতে বিদ্যালয় পৰিচালনা সমিতি, মাতৃ গোট আৰু ছাত্ৰ-ছাত্ৰীৰ তৰফৰ পৰা বিপুল সম্বৰ্দ্ধনা জনোৱা হয়।
ৰাজ্যিক কৃতি অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী মামনিৰ গাজলুৰ সভাপতিত্বত অনুষ্ঠিত আৰু অকন বৰাই আঁত ধৰা সম্বৰ্দ্ধনা সভাত খণ্ড প্ৰাথমিক শিক্ষা বিষয়া বৰ্মন টেৰণ, অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি জীৱন চন্দ্ৰ বৰা, অৱসৰপ্ৰাপ্ত শিক্ষক তথা সমাজকৰ্মী পোনা বৰা, জ্যেষ্ঠ সমাজকৰ্মী ভোগেশ্বৰ তামুলী, প্ৰাক্তন পঞ্চায়ত সভাপতি সীমান্ত শইকীয়া, ৰজাবাৰী শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য মনোৰঞ্জন বৰুৱা, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি গোবিন কাকতি, মণ্ডল সমল সমন্বয়ক দীপক বৈৰাগী আৰু জ্যেষ্ঠ সাংবাদিক তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বুবুল দত্ত উপস্থিত থাকি কৃতি শিক্ষক গৰাকীৰ প্ৰতি শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে। সভাত পৰিচালনা সমিতি আৰু মাতৃ গোটে কৃতি শিক্ষক গৰাকীক অংগ বস্ত্ৰ, সঁফুৰা, কাঠৰ ভাস্কৰ্য, গ্ৰন্থ আদিৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰে।
সম্বৰ্দ্ধনাৰ অন্তত নৱীন চন্দ্ৰ দাসে এই বঁটাৰ যোগ্যতা অৰ্জনত ছাত্ৰ ছাত্ৰী, পৰিচালনা সমিতি, মাতৃ গোট, অভিভাৱকৰ লগতে স্থানীয় ৰাইজৰ সহযোগিতা স্বীকাৰ কৰে আৰু সকলোলৈ কৃতজ্ঞতা জ্ঞাপন কৰে। উল্লেখ্য যে এগৰাকী সমাজকৰ্মী হিচাপেও অঞ্চলটোলৈ আগবঢ়োৱা অৱদানৰ বাবে স্থানীয় মহলত নৱীন চন্দ্ৰ দাস এগৰাকী চৰ্চিত আৰু প্ৰশংসিত ব্যক্তি।













