ASSAM TIMES POST
ৰঙাপৰাঃ ভাৰতৰ স্বাধীনতা আন্দোলনৰ শ্বহীদ সেনানী কনকলতাৰ ৭৭ তম্ শ্বহীদ দিৱস উপলক্ষে আজি ৰঙাপৰাস্থিত কনকলতা আবক্ষ মূৰ্তিস্থলিত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজিত কৰা হয়।
আজি পুৱা ৯ বজাত উক্ত স্থানত অনুষ্ঠিত অনুষ্ঠানটিৰ আঁত ধৰে ৰঙাপৰা জাতীয় ঐক্য মঞ্চৰ সম্পাদক আব্দুল ৰহিমে। ইপিনে অনুষ্ঠানটিত ঐক্য মঞ্চৰ সভাপতি ৰাজেন কটকীয়ে কনকলতাৰ আবক্ষ মূৰ্তিত চাকি-বন্তি দিয়াৰ লগতে ফুলৰ থোপাৰে সেনানী গৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে তেখেতৰ জীৱন সম্পৰ্কে উপস্থিত ৰাইজৰ আগত আলোকপাত কৰে।
উক্ত অনুষ্ঠানটিত ৰঙাপৰা প্রেছ ক্লাবৰ সভাপতি সুনীল মৰ, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ৰঙাপৰা আঞ্চলিক সমিতিৰ সভাপতি জিতু তালুকদাৰ তথা বিষয় ববীয়া আৰু গণ্য মান্য ব্যাক্তিৰ উপস্থিতিত সেনানী গৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।













