![]()
বিশেষ প্ৰতিবেদনঃ
নগাঁৱৰ কঢ়ালীগাঁৱত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অন্যতম সৃষ্টি অংকীয়া নাটক অপমান কৰা হ’ল। এই অপমান অইন কোনো নহয়, কৰা হৈছে বৰ্তমান সময়ৰ সমগ্ৰ অসমবাসীৰ মাজত আটাইতকৈ জনপ্ৰিয় অভিনেতা দ্বীপজ্যোতি কেওট অৰ্থাৎ মোহনে। ‘সমুদ্ৰ মন্থন’ শীৰ্ষক নাটখনত মোহিনীৰ চৰিত্ৰ ৰূপায়িত দ্বীপজ্যোতি কেওটে মঞ্চৰ ওপৰত চুম্বন তথা ফ্লাইং কিছ কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় চচিয়েল মিডিয়াত। আনকি, অভিনেতা গৰাকীৰ অনুৰাগীসকলেও তেওঁৰ এই কৰ্মৰ বাবে ট্ৰোল কৰা দেখিবলৈ পোৱা গৈছিল।

কিন্তু, কথা অধিক আগবঢ়াৰ পূৰ্বেই ৰাজহুৱাভাৱে ক্ষমা বিচাৰে সকলোৰে মৰমৰ মোহনে যদিও অভিনেতা গৰাকীয়ে চুম্বন কৰাৰ কথা অস্বীকাৰ কৰে। তেওঁ কয় যে, অসুৰক কাণে কাণে কথা কোৱাৰ দৃশ্যকে দৰ্শকে চুমা খোৱা বুলি ভাবি অভিযোগৰ উত্থাপন কৰিছে। অৱশ্যে, ফ্লায়িং কিছ দিয়াৰ বাবে তেওঁ ক্ষমা বিচাৰে। অভিনেতা গৰাকীয়ে লগতে কয় যে, ভৱিষ্যতে তেওঁ ভাওনাত অভিনয় কৰোতে অধিক সাৱধান হ’ব।













