![]()
বিশেষ প্ৰতিবেদনঃ
অসমীয়া চলচিত্ৰ জগতৰ জনপ্ৰিয় অভিনেত্ৰী হল নিশিতা গোস্বামীৰ আজি শুভ জন্মদিন। ৰাতিপুৱাৰে পৰা চচিয়েল মিডিয়া যোগে অনুৰাগীয়ে শুভকামনা জ্ঞাপন কৰিছে অভিনেত্ৰী গৰাকীক। ৬০-৭০ দশকৰ অসমীয়া চলচিত্ৰ জগতৰ খ্যাতনামা অভিনেত্ৰী মলয়া গোস্বামী তথা তেওঁৰ মাতৃৰ পৰাই অভিনয় ক্ষেত্ৰখনৰ লগত চিনাকী হোৱা নিশিতা গোস্বীমাক ৬ বছৰ বয়সতে দেখিবলৈ পোৱা গৈছিল “ৰাতি ফুলা ফুল” চিনেমাখনত।২০০২ চনত বাণী দাসৰ দ্বাৰা পৰিচালিত ছবি “মন” ৰ পৰাই অভিনেত্ৰীগৰাকীৰ অভিনয়ৰ অনুৰাগী হৈ পৰে সমূহ দৰ্শক। বৰ্তমান সময়তো নিজ অভিনয়ৰ দ্বাৰা দৰ্শকৰ সমাদৰ লাভ কৰি নিশিতা গোস্বামীয়ে।
মন, কাদম্বৰী, চুৰেণ চোৰৰ পুতেক, অধিনায়ক, মন যায়, ৰং, দীনবন্ধু, অস্তৰাগ, ধন কুবেৰৰ ধন, ৰামধেনু, ৰিচাং, মনে মোৰ কইনা বিচাৰে, জিলমিল জোনাক আৰু বহুল জনপ্ৰিয়তাৰ শিখৰলৈ যোৱা ছবি “ৰত্নাকৰ” ত অভিনীত এই গৰাকী অভিনেত্ৰীয়ে অসমীয়া চলচিত্ৰ জগতত নিজৰ খুঁতি মজবুত কৰি থৈছে।
সম্প্ৰতি “ৰেঙণি” ত সম্প্ৰচাৰিত “বেহাৰবাৰী আউটপোষ্ট” ধাৰাবাহিকখনত দেখিবলৈ পোৱা গৈছে অভিনেত্ৰী নিশিতা গোস্বামীক। তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি পুনৰ বাৰ অভিনেত্ৰী গৰাকীক জনাইছোঁ তেওঁৰ ওপজা দিনৰ অশেষ শুভকামনা।













