![]()
নিউজ ডেস্কঃ
বাংলাদেশত হিন্দুসকলৰ ওপৰত আক্রমণৰ ঘটনাক গৰিহণা দিছে আমেৰিকাই। এক বিবৃতিযোগে বাংলাদেশৰ সংখ্যালঘু সম্প্রদায়ৰ ওপৰত ঘটি যোৱা নির্যাতনৰ ঘটনাত উদ্বেগ প্রকাশ কৰিছে মার্কিন বিদেশ বিভাগে। স্বাভাবিকতে ইয়াৰ ফলত চাপত পৰিছে বাংলাদেশ।
উল্লেখ্য, অষ্টমীৰ নিশা কুমিল্লাত একাধিক দুর্গামণ্ডপ ভাঙি চূড়মাৰ কৰা হয়। ইয়াৰ পিছত ৰংপুৰ, চট্টগ্রাম, নোৱাখালি, ফেনিসহ একাধিক স্থানত দুষ্কৃতিকাৰীয়ে এই ঘটনা ঘটায়। হিন্দুসকলৰ ঘৰ-বাৰী জ্বলাই দিয়ে। ইফালে ঘটনাত জড়িতসকলক গ্রেপ্তাৰ কৰি উপযুক্ত শাস্তিৰ আশ্বাস দিছে বাংলাদেশৰ প্রধানমন্ত্রী শ্বেখ হাচিনাই। মার্কিন বিদেশ মন্ত্রালয়ৰ শীর্ষ বিষয়াই এই সন্দৰ্ভত কয়, ‘ধর্মীয় স্বাধীনতা প্রত্যেক মানুহৰে অধিকাৰ। বিশ্বৰ সকলো মানুহৰে নিৰাপদে নিজৰ উৎসৱ পালনৰ অধিকাৰ আছে। বিগত দিনত বাংলাদেশত হিন্দু সম্প্রদায়ৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাৰ তীব্র গৰিহণা দিছে আমেৰিকাই।’













