![]()
নিউজ ডেস্কঃ
প্রবল বৃষ্টিত বিপর্যস্ত দার্জিলিং। পাহাৰৰ বহু স্থানত ভূমিস্খলন। ফলত দার্জিলিঙৰ সৈতে বহু স্থানৰ যোগাযোগ বিচ্ছিন্ন। আনকি ভূমিস্খলনৰ ফলত বন্ধ হৈ গৈছে ৰাষ্ট্ৰীয় ঘাইপথত পৰিবহণ। বুধবাৰেও দিনভৰ প্ৰবল বৃষ্টিপাতৰ পূর্বাভাস আছে। তাৰ ফলত পৰিস্থিতি অধিক শোচনীয় হ’ব পাৰে বুলি আশঙ্কা কৰা হৈছে।
নেৰানেপেৰা বৰষুণৰ ফলত দার্জিলিঙৰ পৰা শিলিগুড়িলৈ যোৱা ৫৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলন হৈছে। ফলত গাড়ী চলাচল বন্ধ। আনহাতে, ত্রিবেণীৰ ওচৰত ৰাস্তাৰ ওপৰেদি বৈছে তিস্তা নদীৰ পানী। শিলিগুড়িৰ মাটিগাড়াত ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰৰ বালাসন দলং ক্ষতিগ্রস্ত হৈছে। ফলত তাৰ ওপৰেদি যাতায়াত বন্ধ কৰি দিয়া হৈছে।
দার্জিলিঙত বিগত ২৪ ঘণ্টাত ২৩৩ মিলিমিটাৰ বষুণ হৈছে। বিগত দুদিনত বৰষুণ হৈছে ৪০০ মিলিমিটাৰ।













