![]()
নিউজ ডেস্কঃ
ধূম্ৰপায়ীসকলক চিন্তাত পেলাই চিগাৰেট, বিড়িৰ পৰা ধঁপাতজাতীয় পণ্যত অধিক কৰ আৰোপৰ ইঙ্গিত দিলে মোদী চৰকাৰে। ধঁপাতজাতীয় পণ্যত কৰ নীতি ঠিক কৰিবলৈ বিশেষজ্ঞ কমিটি গঠন কৰিছে কেন্দ্রই।
চিগাৰেট, বিড়ি আৰু অন্যান্য ধঁপাতজাতীয় পণ্যত ক’ত কিমান কৰ আৰোপ কৰা উচিত, এই বিশেষজ্ঞ কমিটিয়ে তাৰ পৰামৰ্শ দিব। অহা বছৰৰ ফেব্রুৱাৰীৰ বাজেটতেই তাৰ প্রতিফলন ঘটিবলৈ আগবাঢ়িছে বুলি চৰকাৰী সূত্রৰ ইঙ্গিত।
আনহাতে, কেন্দ্রীয় চৰকাৰৰ এই সিদ্ধান্ত প্রকাশ্যে অহাৰ লগে লগেই আজি শ্বেয়াৰ বজাৰত চিগাৰেট আৰু ধঁপাত প্রস্তুতকাৰী কোম্পানীৰ শ্বেয়াৰ মূল্যত বিৰাট আঘাত হানে। আইটিচিৰ শ্বেয়াৰ ৬ শতাংশৰো অধিক অৱনমন ঘটে।













