![]()
নিউজ ডেস্কঃ
গুৱাহাটী মহানগৰীত কৃত্ৰিম বানত শোকাৱহ ঘটনা।মঙলবাৰে পাণ্ডু টেম্পল ঘাটত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু মহিলা।কৃত্ৰিম বানপানীৰ ফলত সংঘটিত হয় এই মৰ্মান্তিক ঘটনা।উল্লেখ যে বিদ্যুৎপৃষ্টহৈ দুৰ্ভগীয়া মহিলা গৰাকীৰ আহত হৈছিল যদিও চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে।
মঙলবাৰে নিশা ভাগত সংঘটিত ঘটনাত বিদ্যুৎস্পৃষ্ট মহিলাগৰাকী নাম মেহেন্দী বৰুৱা।
স্থানীয় বাসীয়ে অৱগত কৰাৰ অনুসৰি-মঙলবাৰে বিয়লিৰে পৰা অহা বৰষুণ জাকত কৃত্ৰিম বানৰ সৃষ্টি হয় আৰু মহিলাগৰাকীৰ ঘৰত নলাৰ পানী সোমাই কৃত্ৰিম বানৰ সৃষ্টি হয়।ফলত ঘৰ ভিতৰত থকা ইনভাৰ্টাৰত পানী সোমোৱাৰ ফলত সংঘটিত হয় এই অঘটন।













