![]()
নিউজ ডেস্কঃ
নগাঁও আৰক্ষীৰ সফলতা। লিডু এক্সপ্ৰেছ ৰে’লখন চাপৰমুখত ৰখোৱাৰ পিছতেই নগাঁওৰ আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাৰ নেতৃত্বত যোৱা এটা দলে অভিযান চলাই ১০ টা চাবোনৰ বাকচত ১২০ গ্ৰাম হিৰইন, ১১,০০০ টকা আৰু আন কেতবোৰ সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয়।
আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত জিলাখনৰ বটদ্ৰৱা থানাৰ অন্তৰ্গত ভেৰভেৰীৰ চিতাৰা বেগম (৪০), মাইনুল হক্(৩২), ধনীয়া ভেটিৰ ৰচিদুল হক্(২৫) আৰু কচুৱা আৰক্ষী থানাৰ অন্তৰ্গত লংজাপ পদুমনিৰ ওৱাদিকুল হক(৩২)ক গ্ৰেপ্তাৰ কৰি অধিক তথ্য আহৰণৰ বাবে জেৰা অব্যাহত ৰাখিছে।


আৰক্ষীয়ে জনোৱা মতে, ডিমাপুৰৰ পৰা অনা হিৰ’ইনৰ মূল্য প্ৰায় ৮৫,০০,০০০ টকা। তেওঁলোকে গুৱাহাটীত বিক্ৰীৰ কৰিবলৈ আনিছিল এই হিৰইন খিনি।
উল্লেখ্য যে ইয়াৰে মাইনুল হক্ এজন পলাতক আছামী বুলি জানিব পৰা গৈছে। এই ড্ৰাগছ সৰবৰাহকাৰী দলটোৱে দীৰ্ঘদিন ধৰি ডিমাপুৰ আদিৰ পৰা হিৰইনকে ধৰি বিভিন্ন নিচাযুক্ত সামগ্ৰী সৰবৰাহ কৰি আহিছিল।













