ASSAM TIMES POST
জীতেন বৰকটকী, নগাঁওঃ আয়াৰলেণ্ডৰ বেলফাষ্টত অৱস্থিত কুইনচ ইউনিভাৰচিটিয়ে অহা ৩০ অক্টোবৰৰ পৰা ১ নৱেম্বৰলৈ অনুষ্ঠিত হবলগীয়া ‘ৱমেন এণ্ড ইণ্ডিয়ান শ্বেইক্সপীয়েৰ’ শীৰ্ষক আলোচনা চক্ৰখনৰ বাবে চলচ্চিত্ৰ সমালোচক পাৰ্থজিৎ বৰুৱাক চলচ্চিত্ৰ সম্পৰ্কীয় বক্তব্য ৰাখিবৰ বাবে নিৰ্বাচিত কৰা হৈছে।
‘ৰিইমেজিং অব শ্বেইক্সপীয়েৰঃ ৱ’মেন কেৰেক্টাৰ ইন ইণ্ডিয়ান চিনেমা এণ্ড ইন আচামীজ ড্ৰামা’-এই বিষয়ৰ আলোচনা চক্ৰখনত পাৰ্থজিৎ বৰুৱাই বিশাল ভৰদ্বাজৰ ‘মকবুল’ (২০০৪), ‘ওমকাৰা’ (২০০৬),’হাইদৰ’ (২০১৪) আৰু অলপতে মঞ্চস্থ কৰা অসমৰ হিমাংশু প্ৰসাদ দাসৰ অসমীয়া নাটক ‘লেডী মেকবেথ’ৰ বিষয়ে বিস্তৃত বক্তব্য ৰাখিব। উল্লেখ্য যে যোৱা এপ্ৰিল মাহত পাৰ্থজিৎ বৰুৱা ডুবাইস্থিত মনিপ’ল বিশ্ববিদ্যালয় (মাহে)লৈ অতিথি বক্তা হিচাপে নিমন্ত্ৰন লাভ কৰিছিল, য’ত তেওঁ তথ্যচিত্ৰ নিৰ্মাণৰ ওপৰত বক্তব্য ৰাখিছিল।
আনহাতে অতিথি প্ৰবক্তা হিচাপে তেওঁ মনিপ’ল বিশ্ববিদ্যালয়ত পাঠদান কৰিছিল।ইয়াৰোপৰি চলচিত্ৰ সমালোচক গৰাকীয়ে যোৱা বছৰ স্কটলেণ্ডৰ এডিনবৰা বিশ্ববিদ্যালয়লৈ গৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিষয়ে কিছু নতুন তথ্য উদ্ধাৰ কৰি আনিছিল।তদুপৰি মুকুট চন্দ্ৰ ভূঞাৰ ওপৰত নিৰ্মাণ কৰা তেওঁৰ তথ্যচিত্ৰ ‘কিয়াৰুস্কুৰ’ই ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি লাভ কৰিছে।













