![]()
নিউজ ডেস্কঃ
গিনিছ ৱর্ল্ড বুকত নাম লিপিবদ্ধ হ’ল তুৰ্কীৰ ২৪ বছৰীয়া এগৰাকী মহিলাৰ। নাম তেওঁৰ ৰুমাইছা গেলগি। বিশ্বৰ সকলোতকৈ উচ্চ জীৱিত মহিলা তেওঁ। তেওঁ ৭ ফুট o.৭ ইঞ্চি ওখ। গিনিছ ৱর্ল্ড ৰেকর্ডছে এক বিবৃতিত কৈছে, ৰুমাইছা গেলগিৰ অভূতপূর্ব উচ্চতা উইভাৰ ছিণ্ড্ৰমৰ কাৰণে। যিয়ে শৰীৰৰ উচ্চতা বৃদ্ধি আৰু অন্যান্য অস্বাভাৱিকতা সৃষ্টি কৰে।
গেলগি মাত্র ১৮ বছৰ বয়সতে বিশ্বৰ সকলোতকৈ ওখ জীৱিত মহিলা হিচাবে ৱর্ল্ড ৰেকর্ডছৰ অধিকাৰিণী হৈছে। ২০১৪ চন। গেলগিৰ এই উচ্চতাৰ কাৰণে তেওঁ সাধাৰণতে হুইল চেয়াৰত বহি ঘূৰি ফুৰে। অৱশ্যে অলপ অলপ খোজকাঢ়িবও পাৰে তেওঁ।
এক বিবৃতিত তেওঁ কয়, ‘প্রতিজন মানুহৰে কোনো নহয় কোনো অসুবিধা আছে। সেইটোক নিজৰ উপকাৰত পৰিণত কৰক। তেতিয়াহে নিজে নিজৰ অসুবিধাক জয় কৰিব পাৰব।’













