![]()
নিউজ ডেস্কঃ
অহা ২৮ অক্টোবৰত ফেচবুকৰ বার্ষিক সন্মিলন। তাতেই ফেচবুকৰ নাম সলনি হ’ব বুলি খবৰ। অৱশ্যে এই পর্যন্ত এই গুঞ্জনক গুৰুত্ব দিয়া নাই মার্ক জুকাৰবার্গৰ কোম্পানীটোৱে। কিন্তু নাম কিয় সলনি হ’ব বা সলনি হ’লে কি নাম হ’ব, ইয়াৰ জল্পনা-কল্পনা এতিয়া তুংগত।
উল্লেখ্য, ছচিয়েল মিডিয়া হিচাবে ফেচবুকৰ উত্থান হ’লেও বৰ্তমান ফেচবুকৰ কার্যকাৰিতা কেৱল সিমানখিনিতে সীমাবদ্ধ হৈ থকা নাই। বিভিন্ন ধৰণৰ পৰিসেৱাৰ দিশে আগবাঢ়িছে ফেচবুক। এক কথাত সামাজিক যোগাযোগৰ এক মাধ্যম হৈ পৰিছে ফেচবুক। সেয়ে নাম সলনি কৰিব বিচাৰিছে জুকাৰবার্গৰ কোম্পানীটোৱে। আনহাতে, ৱাটছএপ, ইনষ্টাগ্রামৰ মালিকানাও আছে ফেচবুকৰ হাততেই। কিন্তু কোম্পানীটোৰ আগন্তুক লক্ষ্য কিছু বেলেগ। নিজকে অধিক বিস্তাৰিত কৰিবৰ বাবে এইবাৰ ৰে’ বেনৰ দৰে কোম্পানীৰ সৈতে হাত মিলাইছে ফেচবুকে। এআৰ গ্লাছ নিৰ্মাণ কৰিব বিচাৰিছে কোম্পানীটোৱে।













