![]()
নিউজ ডেস্কঃ
জে’ললৈ গৈ পুত্ৰ আৰিয়ানক দেখা কৰিলে শ্বাহৰুখ খানে। ড্ৰাগছ গোচৰত আৰিয়ান খানৰ গ্রেপ্তাৰৰ পিছত এই প্রথম পুত্ৰক সাক্ষাৎ কৰিলে কিং খানে।বৃহস্পতিবাৰে পুৱা ৯ বজাত মুম্বাইৰ আর্থাৰ ৰোড জে’লত গৈ উফস্থিত হয় শ্বাহৰুখ।তেওঁৰ সৈতে আছিল অধিবক্তাৰ এটি দল। জে’লৰ ভিতৰত প্রায় ১৫ মিনিট থাকে অভিনেতাজন। পুত্ৰক সাক্ষাৎ কৰি দ্রুততাৰে ওলাই যায় তেওঁ।
উল্লেখ্য, বিগত ৮ অক্টোবৰৰ পৰা কাৰাবন্দী আৰিয়ান। বুধবাৰেও বম্বে হাইকোর্টত তেওঁৰ জামিন আবেদন নাকচ হয়।













