![]()
নিউজ ডেস্কঃ
বৃহস্পতিবাৰে কৰোনা টীকাকৰণত ৰেকর্ড সৃষ্টি কৰে ভাৰতে৷ ভাৰতত কৰোনা টীকাকৰণ ১০০ কোটিৰ সীমা অতিক্ৰম কৰিলে৷ কিন্তু উক্ত ৰেকৰ্ড টীকাকৰণৰ দিনটোতে কিছু বাঢ়িল দেশৰ দৈনিক কৰোনা সংক্রমণ।
বিগত ২৪ ঘণ্টাত দেশত কৰোনা আক্রান্তৰ সংখ্যা ১৮ হাজাৰ ৪৫৪। ইয়াৰ ফলত দেশত মুঠ কৰোনা আক্রান্তৰ সংখ্যা হ’ল ৩ কোটি ৪১ লক্ষ ২৭ হাজাৰ ৪৫০। সুস্থতাৰ হাৰ ৯৮.১৫ শতাংশ, যিটো যোৱা বছৰৰ মার্চৰ পৰা এতিয়ালৈকেৎ সর্বোচ্চ। কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ তথ্য অনুযায়ী, দেশত বিগত ২৪ ঘণ্টাত মৃত্যু হৈছে ১৬০ জনৰ। ইয়াৰ ফলত দেশত কৰোনাত মুঠ মৃত্যুৰ সংখ্যা হ’ল ৪ লক্ষ ৫২ হাজাৰ ৮১১ জন।
বিগত ২৪ ঘণ্টাত কৰোনাৰ পৰা সম্পূর্ণ সুস্থ হৈছে ১৭ হাজাৰ ৫৬১ জন। বৰ্তমান ভাৰতত মুঠ সুস্থৰ সংখ্যা ৩ কোটি ৩৪ লক্ষ ৯৫ হাজাৰ ৮০৮। বিগত ২৪ ঘণ্টাত দেশথ সক্রিয় কৰোনা আক্রান্তৰ সংখ্যা ১ লক্ষ ৭৮ হাজাৰ ৮৩১।













