![]()
ডিফু:
বন্ধ হোৱা নাই ড্ৰাগছ মাফিয়া সকলৰ দৌৰাত্ম্য ৷ বাৰম্বাৰ আৰক্ষীৰ নিচ্ছিদ্ৰ তালাচী আৰু নিৰাপত্তা বেষ্টনিক ফাঁকি দি ড্ৰাগছ সৰবৰাহৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ প্ৰতিবাৰতে ক’ৰিডৰ হিচাপে ব্যৱহাৰ কৰিছে কাৰবি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তঞ্চল ৷ কিন্তু আৰক্ষীৰ সবল নিৰাপত্তা বেষ্টনীৰ প্ৰতিবাৰতে জালত পৰিছে নিষিদ্ধ ড্কাগছ সৰবৰাহকাৰী সকল ৷ বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত শেহতীয়াকৈ লাহৰিজান আৰক্ষীৰ নাকা তালাচীত জব্দ হৈছে ৫৮৪ গ্ৰাম হেৰ’ইন। ৪৮ টা চাবোনৰ বাকচত আনিছিল ড্ৰাগছখিনি।

মণিপুৰৰ পৰা গুৱাহাটী অভিমুখি এখন বাছত আনিছিল ড্ৰাগছখিনি ৷জব্দকৃত বাছখনৰ নম্বৰ AR-20-2700৷ ধৃত দুই ড্ৰাগছ সৰবৰাহকাৰী ইৰেংবাম ককিল (Irengbam Kokil) আৰু ইৰেংবাম বাবু সিঙক (Irengbam Babu Singh) আটক কৰিছে আৰক্ষীয়ে। দুয়োৰে ঘৰ মণিপুৰত বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে। ড্ৰাগছখিনিৰ বজাৰ মূল্য আনুমানিক ৪ কোটি টকা হব বুলি জানিব পৰা গৈছে ৷













