ASSAM TIMES POST
উৎপল দাস, গোলাঘাটঃ গোলাঘাটৰ ঐতিহ্যমণ্ডিত উচ্চ শিক্ষানুষ্ঠান দেৱৰাজ ৰয় মহাবিদ্যালয়ত শুক্ৰবাৰে অনুষ্ঠিত হৈ যায় এখনি আন্তঃ জিলা কুইজ প্ৰতিযোগিতা।
দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ উদ্যোগত আৰু বায়’টেকনল’জী বিভাগৰ কলেজখনত থকা বায়’টেক হাবৰ সহযোগত ‘ব্ৰেইন ষ্টিমুলী’ শীৰ্ষক এই কুইজ প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠানত দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ পুতুল চন্দ্ৰ শইকীয়া, উপাধ্যক্ষদ্বয় দীপ্তি দত্ত বৰদলৈ আৰু ডঃ জয়ন্ত বাৰুকিয়াল, প্ৰাণী বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড০ ৰিমেন বৰদলৈ, অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ অমৰেন্দ্ৰ নাথ দত্ত প্ৰমুখ্য কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
গোলাঘাট জিলাৰ কেইবাখনো আগশাৰীৰ শিক্ষানুষ্ঠানৰ অৰ্ধশতাধিক প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰা এই কুইজ প্ৰতিযোগিতাখন পৰিচালনা কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ সেউজ দহোটীয়া আৰু জনপ্ৰিয় কুইজাৰ চৈয়দ নেকিব আৰু শৰৎ চেতিয়াই।
প্ৰতিযোগিতাৰ প্ৰথম স্থান অধিকাৰ কৰে দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ৰ কৌশিক ৰঞ্জন আৰু ইমৰাণ হুছেইনৰ দলে। আনহাতে দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হয় আয়োজক দেৱৰাজ ৰয় মহাবিদ্যালয়ৰে আশীষ বৰুৱা আৰু ভাস্কৰ বৰুৱা আৰু মৃদুপৱন দত্ত আৰু মৌচম দত্তৰ দলে। বিজয়ী সকলক নগদ ধন, ট্ৰফী আৰু মানপত্ৰৰে পুৰস্কৃত কৰা হয়।













