![]()
অজন্তা তালুকদাৰ,
বোকাখাত
ভাৰতৰ নিৰ্বাচনী আয়োগে জাৰি কৰা নিৰ্দেশাৱলী অনুসৰি ৰাজ্যৰ অন্য জিলাৰ লগতে বোকাখাত নিৰ্বাচনী জিলাতো ফটোযুক্ত ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী প্ৰক্ৰিয়া – ২০২২ আৰম্ভ কৰা হৈছে।
এই সন্দৰ্ভত ভাৰতৰ নিৰ্বাচনী আয়োগৰ নিৰ্দেশনা অনুসৰি ০১ নৱেম্বৰ ২০২১ ত ফটোযুক্ত ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী প্ৰক্ৰিয়াৰ অধীনত ৯৩নং-বোকাখাত বিধানসভা সমষ্টিৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হব। ভোটাৰ ৰাইজে খচৰা ভোটাৰ তালিকাখনত নাম ভৰ্তি, নাম কৰ্তন বা সংশোধনী থাকিলে তেওঁলোকে ০১ নৱেম্বৰ২০২১ ৰ পৰা ৩০ নৱেম্বৰ ২০২১ৰ ভিতৰত আবেদন দাখিল কৰিব পাৰিব।ইতিমধ্যে ১৮ বছৰ হোৱা বা ০১/০১/২০২২ তাৰখে ১৮ বছৰ সম্পূৰ্ণ হ’বলগীয়া ব্যক্তিয়ে ভোটাৰ তালিকাত নাম ভৰ্তিৰ বাবে আবেদন জনাব পাৰিব।
ভোটাৰ ৰাইজে ৬ নং প্ৰ- পত্ৰৰ জৰিয়তে নতুন নাম ভৰ্ত্তি, ৭ নং প্ৰ- পত্ৰৰ জৰিয়তে কোনো ব্যক্তিৰ মৃত্যু হোৱা, বিভিন্ন কাৰণত স্থানান্তৰিত হোৱা আদিৰ ক্ষেত্ৰত নাম কৰ্তন, ৮ নং প্ৰ- পত্ৰৰ জৰিয়তে নাম,উপাধি,সম্বন্ধ,ঠিকনা আদি সংশোধন আৰু ৮ ক প্ৰ- পত্ৰৰ জৰিয়তে একেটা সমষ্টিৰ ভিতৰতে এটা কেন্দ্ৰৰ পৰা আন এটা কেন্দ্ৰলৈ নাম সাল-সলনি কৰিব পাৰিব। ভোটাৰ ৰাইজে নাম ভৰ্তি, নাম কৰ্তন বা সংশোধনী সমূহ www.nvsp.in (ৱেব চাইট) , Voter helpline apps ( গুগল প্লে স্টোৰ আৰু এপ স্টোৰত উপলব্ধ ভাৰতৰ নিৰ্বাচনী আয়োগৰ মোবাইল এপ্লিকেচন) আদিৰ দ্বাৰাও আবেদন কৰিব পাৰিব।
পৰৱৰ্তী পৰ্যায়ত ভোটাৰৰ ৰাইজৰ সুবিধাৰ্থে বিশেষ শিৱিৰো স্থাপন কৰা হব। জমা হোৱা দাবী আৰু আপত্তিসমূহ ২০ ডিচেম্বৰ,২০২১ ভিতৰত নিষ্পত্তি কৰা হব। অহা ৫ জানুৱাৰী, ২০২২ত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হব।













