![]()
নিউজ ডেস্কঃ
কামৰূপ জিলাৰ কমলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কুসুমপুৰত ভূমি বিবাদক লৈ সংঘটিত এক ঘটনাক্ৰমে তিনিগৰাকী লোক গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হয়।
কুসুমপুৰ গাঁৱৰ বিজিত শৰ্মা আৰু সুনিল শৰ্মা-ধ্ৰুৱ শৰ্মাৰ মাজত মাটিৰ সীমাক লৈ আজি আবেলি ৪ মান বজাত কথাৰ কথাকটি হয়। পৰৱৰ্তী সময়ত, ইজনে আনজনক চোকা অস্ত্ৰৰে কৰা আক্ৰমণৰ বাবে ধ্ৰুৱ শৰ্মা আৰু বিজিত শৰ্মাই হাতত গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হয়।
ঘটনা সংঘটিত হোৱাৰ পাছত উভয় পক্ষই কমলপুৰ আৰক্ষী থানাৰ হাজিৰ হয়। কমলপুৰ আৰক্ষীয়ে লোক কেইজনৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি ততাতৈয়াকৈ কমলপুৰৰ মহাত্মা গান্ধী অসামৰিক চিকিৎসালয় ভৰ্তি কৰে।













