![]()
স্বাস্থ্য প্ৰতিবেদনঃ
বাদাম জাতীয় ফলৰ ভিতৰত সকলোতকৈ স্বাস্থ্যকৰ হ’ল আমণ্ড। পুষ্টিসমৃদ্ধ আমণ্ড স্বাস্থ্যৰ বাবে কঅতি উপকাৰী। ই ভিটামিন, খনিজ, ফাইবাৰৰ ভাল উৎস। আমণ্ড হার্ট আৰু মস্তিষ্ক উভয়কেই ভালে ৰাখিবলৈ অত্যন্ত সহায়ক। ইয়াৰ উপৰি, নিয়মিত আমণ্ড খালে ডায়েবেটিছ নিয়ন্ত্রণত ৰখাৰ লগতে, ওজন কমোৱাৰ ক্ষেত্রতো অত্যন্ত কার্যকৰী।
কিন্তু শুকান আমণ্ডৰ পৰিবর্তে পানীত ভিজোৱা আমণ্ড খোৱাটো আমাৰ স্বাস্থ্যৰ বাবে বেছি উপকাৰী।
১) ওজন কমোৱাৰ ক্ষেত্রত অত্যন্ত সহায়ক
আমণ্ড উচ্চ প্রোটিন আৰু ফাইবাৰ সমৃদ্ধ। অৱশ্যে আমণ্ডত কার্বোহাইড্রেটৰ মাত্রা বহুখিনি কম থাকে। সেয়ে প্রতিদিনে পুৱা কেইটামান ভিজাই থোৱা আমণ্ড খালে ওজন কমোৱাত সহায় কৰিব পাৰে। গৱেষণাত দেখা গৈছে যে, পেটৰ চর্বি কমোৱাতো সহায় কৰিব পাৰে আমণ্ড।
২) পুষ্টি সমৃদ্ধ
আমণ্ড একাধিক পুষ্টিগুণেৰে ভৰপূৰ। আমণ্ড ফাইবাৰ, প্রোটিন, ভিটামিন ই, মেগনেচিয়াম আৰু বহু পুষ্টিৰ ভাল উৎস। সেয়ে স্বাস্থ্য ভালে ৰাখিবলৈ খাদ্য তালিকাত অৱশ্যেই ভিজা আমণ্ড অন্তর্ভুক্ত কৰক।
৩) হজম ক্ষমতা শক্তিশালী কৰি তোলে
শুকান আমণ্ডতকৈ ভিজা আমণ্ড হজম কৰাটো সহজ। ভিজা আমণ্ড এনজাইম উৎপাদনত সহায়ক, যিয়ে হজম ক্ষমতা শক্তিশালী কৰে। ইয়াৰ উপৰি ই পুষ্টি শোষণৰ ক্ষেত্রতো সহায় কৰে।
৪) ছাল আৰু চুলিৰ ক্ষেত্রত অত্যন্ত উপকাৰী
ভিটামিন-ই ছাল আৰু চুলিৰ ক্ষেত্রত অত্যন্ত উপকাৰী। আমণ্ড হ’ল ভিটামিন-ইৰ উৎস। সেয়ে আমণ্ড খালে ছাল মসৃণ আৰু কোমল কৰি তোলাত সহায় কৰে। আনহাতে, আমণ্ডৰ তেল ব্যবহাৰো ছালৰ ক্ষেত্রত অত্যন্ত উপকাৰী। তাৰ উপৰি আমণ্ড চুলি সৰা বন্ধ কৰাৰ লগতে চুলিৰ বিভিন্ন সমস্যাৰ বিৰুদ্ধে যুঁজ দিয়াতো সহায়ক।
৫) মস্তিষ্কৰ কার্যকাৰিতা বৃদ্ধিৰ সহায়ক
আমণ্ড খোৱাৰ অন্যতম উপকাৰিতা হ’ল, ই মস্তিষ্কৰ কার্যকাৰিতা বৃদ্ধি কৰিব পাৰে। আমণ্ড ভিটামিন-ইৰ উৎস। ই জ্ঞানৰ ক্ষয় ৰোধ কৰা, মনোযোগ বৃদ্ধি কৰা আৰু স্মৃতিশক্তি বৃদ্ধি কৰাৰ ক্ষেত্রতো অত্যন্ত সহায়ক।













