![]()
নিউজ ডেস্কঃ
ড্ৰাগছ-কাণ্ডত বৃহস্পতিবাৰে হঠাৎ চাঙ্কি পাণ্ডেৰ কন্যা বলিউড অভিনেত্রী অনন্যা পাণ্ডেক মাতি পঠাইছিল এনচিবিয়ে। পিতৃ চাঙ্কিৰ সৈতে এনচিবি কাৰ্যালয়লৈ গৈছিল অনন্যা। তেওঁক প্ৰায় তিনি ঘণ্টা ধৰি সোধাপোছা কৰে এনচিবিয়ে। শুক্রবাৰে পুৱা ১১টাত অনন্যাক পুনৰ এনচিবিৰ কাৰ্যালয়লৈ মতা হয় অনন্যাক।
ড্ৰাগছ গোচৰত গ্রেপ্তাৰ হোৱা শ্বাহৰুখ খানৰ পুত্র আৰিয়ান খানৰ ৱাটরএপ-চাটৰ তদন্ত কৰিবলৈ গৈয়েই প্রকাশ্যে আহে ‘এনি’ নামৰ এজন নাম। সেই ‘এনি’য়ে অনন্যা নেকি, সেয়া নিশ্চিত হ’ব পৰা নাই তদন্তকাৰী দলটো। অৱশ্যে সূত্রৰ খবৰ অনুযায়ী, আৰিয়ানৰ সৈতে এটি ৱাটছএপ কথোপকথন প্রসঙ্গত বলিউড অভিনেত্রীগৰাকীক জেৰা কৰা হৈছে। কিন্তু অনন্যাক কি বিষয়ত প্রশ্ন কৰা হৈছে, বা ড্ৰাগছ গোচৰত অনন্যাৰ কিবা ভূমিকা আছে নেকি, সেয়া অনন্যা বা এনচিবিয়ে একো জনোৱা নাই। অৱশ্যে সূত্রৰ খবৰ মতে, অনন্যাক এনচিবিৰ এই জেৰা আৰু ২-৩ দিন ধৰি চলিব পাৰে বুলি অনুমান কৰিয়েই আগতীয়াকৈ নিজৰ শ্বুটিঙৰ কাম কিছুদিনৰ বাবে পিছুৱাই দিছে অনন্যাই।













