![]()
নিউজ ডেস্কঃ
কুমিল্লাৰ পূজা মণ্ডপত ইছলাম ধৰ্মৰ পবিত্র ধর্মগ্রন্থ কোৰান ৰাখি হিংসা বিয়পোৱাৰ মূলচক্রান্তকাৰীক আগতেই চিনাক্ত কৰা হৈছিল। আৰু তাৰ ২৪ ঘণ্টাৰ ভিতৰত অভিযুক্ত ইকবাল হোছেইনক গ্রেপ্তাৰ কৰে আৰক্ষীয়ে। জানিব পৰা মতে, চিচি টিভি ফুটেজৰ আঁত ধৰি বৃহস্পতিবাৰে গভীৰ নিশা কক্সবজাৰৰ পৰা পয়ত্রিশ বছৰীয়া ইকবালক গ্রেপ্তাৰা কৰা হয়। তেওঁক আজি আদালতত হাজিৰ কৰোৱা হ’ব।
উল্লেখ্য, বৃহস্পতিবাৰে কুমিল্লা-কাণ্ডৰ এটি চিচি টিভি ফুটেজ প্রকাশ্যে আহে। তাত দেখা যায়, সপ্তমীৰ নিশা কুমিল্লা চহৰৰ নানুয়াদিঘি এলেকাৰ এটি মছজিদৰ পৰা কোৰান হাতত লৈ ওলাই আহিছে এজন ব্যক্তি। কিছু সময় পিছত তেওঁক নানুয়াদিঘিৰ পাৰত দেখা যায়। তেতিয়া তেওঁৰ হাতত কোৰানখন নাছিল। কিন্তু হাতত আছিল হনুমানৰ গদা।
এই ছবিবোৰ বিশ্লেষণ কৰিয়ে ইকবাল হোছেইন নামৰ ব্যক্তিজনক আৰক্ষীয়ে চিনাক্ত কৰে। অনুমান কৰা হৈছে, মণ্ডপত কোৰান ৰাখি অশান্তি বিয়পোৱাৰ ঘটনা পূর্বপৰিকল্পিত। কুমিল্লা-কাণ্ডত ইতিমধ্যে মুঠ ৪১ জনক গ্রেপ্তাৰ কৰা হৈছে। কিন্তু মূল চক্রান্তকাৰী ইকবাল ধৰা পৰাত সমগ্ৰ ঘটনাৰ মীমাংসা সোনকালে হ’ব বুলি আশাবাদী আৰক্ষী।













