![]()
নিউজ ডেস্কঃ
মাত্র ২৭৯ দিনত ১০০ কোটি টীকা। টীকাকৰণৰ এই ৰেকর্ড সাফল্যক দেশৰ শক্তি আৰু সামর্থ্যৰ প্রতিবিম্ব হিচাবে বর্ণনা কৰিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। আজি পুৱা ১০ বজাত এই বিশেষ সাফল্যৰ বাবে দেশবাশীক উদ্দেশ্যি বাৰ্তা দিয়ে মোদীয়ে৷ তেওঁৰ মতে, এইটো ইতিহাসৰ নতুন অধ্যায়ৰ সুচনা। এইটো সেইখন নতুন ভাৰতৰ প্রতিচ্ছবি, যিয়ে কঠিন লক্ষ্য নির্ধাৰণ কৰি সেয়া অর্জন কৰিবলৈ জানে। কিন্তু এই সাফল্য উদযাপনৰ লগতে দেশবাসীক সতর্কও কৰি দিয়ে মোদীয়ে। মোদীয়ে কয়, ‘ভাৰতে যি গতিত ১০০ কোটি টীকাৰ লক্ষ্য পাৰ কৰিছে তাৰ প্রশংসা হৈছে বিশ্বজুৰি। ভাৰতে নিজৰ নাগৰিকসকলক ১০০ কোটি টীকা দিছে, তাকো বিনামূল্যে।’
মোদীয়ে লগতে কয়, ‘ভাৰতৰ সম্পূৰ্ণ টীকাকৰণ অনুষ্ঠান বিজ্ঞান নির্ভৰ, বিজ্ঞানৰ দান আৰু বিজ্ঞানৰ পৰাই জন্ম লোৱা। ভেকচিন উৎপাদনৰ পৰা টীকাকৰণৰ সম্পূৰ্ণ প্রক্রিয়াত বিজ্ঞান জড়িত আছে। কোন ৰাজ্যলৈ কিমান ভেকচিন যোৱা উচিত, কেতিয়া ক’ত কিমান ভেকচিন উপলব্ধ কৰাব লাগিব, সেইটোও বিজ্ঞানৰ ভিত্তিতেই ঠিক কৰা হৈছে। আৰু ইয়াক লৈ আমাৰ গর্ব হোৱা উচিত।’
লগতে উৎসৱৰ বতৰত সম্পূৰ্ণ সতর্ক হৈ থাকিবলৈ দেশবাসীক আহ্বান জনায়। তেওঁ কয়, ‘মোৰ এটাই বক্তব্য, মাস্ক পিন্ধাটো আমাৰ অভ্যাসত পৰিণত কৰিব লাগিব। যিসকলে এতিয়াও ভেকচিন পোৱা নাই, তেওঁলোকে ইয়াক সকলোতকৈ বেছি গুৰুত্ব দিয়ক। যিসকলে টীকা পাইছে তেওঁলোকে অন্যসকলক উৎসাহ দিয়ক।













