![]()
নিউজ ডেস্কঃ
দেশত কমিল দৈনিক কৰোনা সংক্রমণ। বিগত ২৪ ঘণ্টাত দেশত ১৫ হাজাৰ ৮৩৪ জন নতুনকৈ কৰোনা আক্রান্ত হৈছে। কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ তথ্য অনুযায়ী, বৃহস্পতিবাৰে দেশত ১৮ হাজাৰ ৪৫৪ জন কৰোনাত আক্রান্ত হৈছিল। কিন্তু দৈনিক সংক্রমণ কমিলেও দৈনিক মৃত্যুৰ সংখ্যা বিগত ২৪ ঘণ্টাত বাঢ়িছে। শুক্রবাৰে পুৱা ৮টা পর্যন্ত দেশথ কৰোনাত মৃত্যু হৈছে ২৩১ জন।
বৃহস্পতিবাৰে ১০০ কোটি টীকাৰ লক্ষ্য স্পৰ্শ কৰাৰ পিছত আৰু ৫৯ হাজাৰ ৪ লক্ষ ৫৮০ জনৰ টীকাকৰণ হৈছে। শুক্রবাৰে পুৱা ৮টা পর্যন্ত ১৩ লক্ষ ২৪ হাজাৰ ২৬৩ জনৰ কৰোনা পৰীক্ষা কৰা হয়। সংক্রমণ হাৰ হৈছে ১.১০ শতাংশ।













