![]()
নিউজ ডেস্কঃ
কৰ’ণা মহামাৰীৰ প্ৰকোপত সমগ্ৰ বিশ্বৰ জনজীৱন বিধ্বস্ত কৰি পেলোৱাৰ লগতে এই ভাইৰাছৰ আতংকই বিশেষভাৱে জোকাৰি থৈ গ’ল সাংস্কৃতিক ক্ষেত্ৰখনক। বিশ্বৰ অন্যান্য ছবি উদ্যোগৰ সমান্তৰালভাৱে অসমৰ ছবি জগতখনকো কৰ’ণাই বাৰুকৈয়ে ক্ষতিগ্ৰস্ত কৰি থৈ গ’ল। কৰ’ণাৰ তাণ্ডৱৰ ফলত বন্ধ হৈ পৰিল ৰাজ্যৰ চিত্ৰগৃহসমূহ। আনকি পৰিস্থিতি ইমানেই বেয়াৰ পিনে ঢাল খালে যে ৰাজ্যৰ ভিন্ন প্ৰান্তত বহুকেইটা চিত্ৰগৃহ চিৰদিনৰ বাবে বন্ধ কৰিবলগীয়া হ’ল। পিছে এতিয়া যেন লাহে লাহে ৰাজ্যৰ চলচ্চিত্ৰ জগতৰ আকাশৰ পৰা কলীয়া ডাঁৱৰ আতৰিবলৈ ধৰিছে। লাহে লাহে আহিবলৈ ধৰিছে শুভ-সংবাদ। অসমৰ চলচ্চিত্ৰপ্ৰেমীসকলৰ বাবে এক সুখবৰ কঢ়িয়াই আজি চিত্ৰগৃহত মুক্তি লাভ কৰিছে এখন বহুচৰ্চিত অসমীয়া ছবিয়ে। ছবিখনৰ নাম – ‘লাইফ ইন এ পাপেট’।
কৰ’ণাই সৃষ্টি কৰা তাণ্ডৱৰ পাছত চিত্ৰগৃহলৈ অহা প্ৰথমখন অসমীয়া ছবি হৈছে। উল্লেখ্য যে কৰ’ণা কালৰ সাময়িক উপশমৰ পাছত চৰকাৰৰ নিৰ্দেশমৰ্মে কিছুদিন পূৰ্বে মুকলি কৰা হৈছিল ৰাজ্যৰ ছবিগৃহসমূহ। কিন্তু এতিয়ালৈ কোনো অসমীয়া ছবিয়ে চিত্ৰগৃহৰ মুখ দেখা নাছিল। এনে দীঘলীয়া বিৰতিৰ অন্ত পেলাই আজি অসমবাসীৰ কাষ চাপিছে দেশ-বিদেশত ব্যাপকভাৱে সমাদৃত এই অসমীয়া ছবিখনে। উল্লেখ্য যে অসমৰ এক গৌৰৱময় সাংস্কৃতিক সম্পদ পুতলা নাচৰ আধাৰত অতি সাৱলীলভাৱে নিৰ্মাণ কৰা হৈছে ‘লাইফ ইন এ পাপেট’ নামৰ ছবিখন। ছবিখনৰ পৰিচালনা ৰাজেন দাসৰ। ৰাজ্যৰ গ্ৰামাঞ্চলৰ পটভূমিত থলুৱা কলা-কুশলীক লৈ নিৰ্মাণ কৰা ছবি খনে ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বহু সন্মান লাভ কৰিবলৈ সক্ষম হৈছে । ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেত্ৰী আশা বৰদলৈয়ে। উল্লেখনীয় বিষয়টো হৈছে অসমীয়া সমাজ জীৱনত পুতলা নাচৰ এক চহকী পৰম্পৰা আছে আৰু পুতলা নাচৰ অসমীয়া চহা সমাজ ব্যৱস্থাত গুৰুত্বপূৰ্ণ ভূমিকা আছে। পুতলা নাচৰ এক গৌৰৱময় ইতিহাস থকাৰ লগতে এই মাধ্যমৰ জৰিয়তে প্ৰাণ পাই উঠে চহা অসমীয়াৰ সমাজ জীৱনৰ বিভিন্ন দিশ তথা চিত্ৰপট ৷ কিন্তু অতি দুখৰ বিষয় যে সময়ৰ কুটিল গতিত আধুনিক সংস্কাৰ-সংস্কৃতিৰ আগ্ৰাসন বাঢ়ি অহাৰ লগে লগে আমাৰ জীৱনৰ পৰা যেন ক্ৰমে হেৰাই গৈছে পুতলা নাচ। আনকি, পুতলা নাচ হেৰাই গৈছে অসমীয়া চহা জীৱনৰ পৰা । ইয়াৰ লগে লগে পুতলা নাচক সম্বল কৰি জীৱন নিৰ্বাহ কৰা শিল্পী সকলৰ জীৱনলৈ নামি আহিল অন্ধকাৰ । আয়ৰ সম্বল হেৰুৱাই এই সকল পুতলা নাচৰ শিল্পীৰ জীৱন সংগ্ৰহ আৰম্ভ হ’ল । এই সংগ্ৰাম তথা পুতলা নাচৰ সৈতে জড়িত আন বহু দিশক সামৰি নিৰ্মাণ কৰা হৈছে ‘লাইফ ইন এ পাপেট’ নামৰ ছবিখন।
‘লাইফ ইন এ পাপেট’ ছবিখনত অতি সুন্দৰভাৱে উপস্থাপন কৰা হৈছে সময়ৰ গতিত নিজৰ জীৱন-জীৱিকা হেৰুৱাই দিশহাৰা হৈ পৰা লোকসকলৰ জীৱন তথা সংগ্ৰামৰ কাহিনী। ইয়াৰ সমান্তৰালভাৱে ছবিখনত তুলি ধৰা হৈছে পুতলা নাচক জীয়াই ৰখাৰ প্ৰয়াস । ছবিখনৰ প্ৰযোজক তথা পৰিচালক ৰাজেন দাসে ছবিখন নিৰ্মাণক লৈ কৰা সংঘৰ্ষ আৰু সংগ্ৰামৰ কথা ইতিমধ্যে বিভিন্ন মাধ্যমযোগে ব্যক্ত কৰিছে। আজি অসমৰ ১২ টা ছবিগৃহত মুক্তিলাভ কৰিছে ‘লাইফ ইন এ পাপেট’ নামৰ এই অসমীয়া ছবিখনে। ছবিখনৰ সংগীত পৰিচালনা কৰিছে তৰালী শৰ্মাই। অভিনয়ৰ ক্ষেত্ৰত আশা বৰদলৈকে ধৰি আন বহু নবীন-প্ৰবীণ কলা-কুশলীয়ে ছবিখনত কাম কৰিছে। পুতলা নাচৰ দৰে এক গৌৰৱময় সাংস্কৃতিক সম্পদক আধাৰ হিচাপে লৈ নিৰ্মাণ কৰা ছবিখন অসমৰ দৰ্শক ৰাইজে আদৰি ল’ব বুলি আশা কৰিব পাৰি।













